নিউজ ডেস্কঃ
সাময়িক ছন্দপতন আঁতৰাই পুনৰ দেশজুৰি আৰম্ভ হৈছে কৰোনা সংক্রমণ। কৰোনাৰ দ্বিতীয় ঢৌৱে কোবাই গৈছে মহাৰাষ্ট্র, কেৰালাসহ বহু কেইখন ৰাজ্য। মহাৰাষ্ট্রৰ একাধিক স্থানত লাভ কৰা হৈছে কৰোনাৰ নতুন প্ৰজাতি। আনহাতে, ইউৰোপ আৰু আফ্রিকাৰ একাধিক দেশত কৰোনা সংক্রমণ বৃদ্ধি পোৱাত, আন্তর্জাতিক যাত্রীবাহী বিমান সেৱাৰ ওপৰত নিষেধাজ্ঞা অহা ৩১ মার্চ পর্যন্ত বৃদ্ধি কৰাৰ সিদ্ধান্ত ল’লে ডিৰেক্টৰেট জেনেৰেল অব চিভিল এভিয়েচন বা ডিজিচিএ।
মহাৰাষ্ট্র, কেৰালাসহ একাধিক ৰাজ্যত কৰোনা সংক্রমণ বৃদ্ধিৰ আঁৰত নতুন প্ৰজাতিকেই দোষী কৰিছে চিকিৎসকসকলে। সেই কাৰণে পৰিস্থিতি পর্যালোচনা কৰিয়েই আন্তর্জাতিক বিমান সেৱা বন্ধৰ সিদ্ধান্ত লয় ডিজিচিএ-ই।
যাত্রীবাহী বিমানৰ উপৰি পণ্যবাহী বিমানৰ ক্ষেত্রতো এই নিষেধাজ্ঞা কার্যকৰী কৰা হৈছে। কার্গো বিমানক এই নিষেধাজ্ঞাৰ বাহিৰত ৰখা হৈছে। কিন্তু জৰুৰী ভিত্তিতে ডিজিচিএৰ অনুমতি লৈ কিছু পথত বিমান চলাব পৰা যাব বুলি জানিব পৰা গৈছে।