ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : সমাগত ৰাজ্যৰ বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি কংগ্রেছ দলে আৰম্ভ কৰা অসম বচ়াও শীর্ষক জন সজাগতা অভিযানৰ অংশ হিচাপে আজি কার্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত উপস্থিত হয়হি কংগ্রেছ দলৰ লোকসভাৰ সাংসদ সুস্মিতা দেৱ। বৰাক উপত্যকাৰ বিধানসভা সমষ্টিসমূহ ভ্রমণ কৰি হাফলং হৈ আজি ডিফু চহৰত উপস্থিত হোৱা কংগ্রেছী সাংসদগৰাকীয়ে আজি পুৱা ডিফু নগৰৰ মাজমজিয়াত থকা জননেতা চেমছনছিং ইংতিৰ প্রতিকৃতিত শ্রদ্ধা জ্ঞাপন কৰাৰ পিছতে ডিফুৰ শীতলা মন্দিৰ বাৰোৱাৰী দুৰ্গা মন্দিৰ, শিৱ মন্দিৰ, গীর্জা আদিত উপস্থিত হৈ আশীষ লোৱা পৰিলক্ষিত হয়।
ইয়াৰ পিছতে কাৰ্বি আংলং জিলা কংগ্রেছৰ কার্যালয়ত সাংসদগৰাকীয়ে এক যুটীয়া বর্ধিত কার্যনির্বাহক সভাতো অংশগ্রহণ কৰে। উক্ত সভাৰ পিছতে হাওৰীঘাটত এখন বাজহুৱা সভাতো সাংসদগৰাকীয়ে অংশ লোৱা বুলি জানিব পৰা গৈছে।
আনহাতে, সাংবাদিকৰে হোৱা বার্তালাপত সাংসদগৰাকীয়ে নির্বাচনত টিকট বিচৰাৰ অধিকাৰ সকলোৰে আছে যদিও জনতাৰ মাজত অধিক গ্রহণযোগ্যতা থকা প্রার্থীয়েহে প্রার্থিত্ব লাভ কৰিব বুলি সাংসদগৰাকীয়ে কয়।
ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ সন্দর্ভত মন্তব্য কৰি সাংসদগৰাকীয়ে আঞ্চলিক দল হিচাপে ৰাষ্ট্রীয় দল কংগ্রেছৰ সৈতে মিত্রতা কৰিলে আঞ্চলিক দলসমূহেই অধিক উপকৃত হ’ব বুলি কয়। সাম্প্রদায়িক আৰু বিভাজনৰ ৰাজনীতি কৰা বিজেপিক পৰাজিত কৰাৰ লক্ষ্যৰে অৱস্থান কৰা সকলো দলকে মহাজোঁটলে স্বাগতম জনাই সাংসদগৰাকীয়ে আগত নির্বাচনত কংগ্রেছৰ নেতৃত্বাধীন মহাজোঁটে ১০১ খন আসন লাভ কৰি চৰকাৰ গঠন কৰিব বুলি দাবী কৰে।