![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : সদৌ কার্বি আংলং জিলা কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত তথা হালধিআটি গাঁও সন্মিলনী আৰু নৱ উদয়ন সংঘৰ আতিথ্যত আজি দিনজোৰা কার্যসূচীৰ হালধিআটি নামঘৰ চৌহদত থকা মুকলি মঞ্চত ৫১১ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস পালন কৰা হয়। সদৌ কার্বি আংলং জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি নির্মল চন্দ্র হাজৰিকাই আজি পুৱা কোচ ৰাজবংশী সন্মিলনীৰ পতাকা উত্তোলন কৰি কার্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছতে স্মৃতি তৰ্পণ, মহাবীৰ চিলাৰায়ৰ প্রতিচ্ছবিত মাল্যাৰ্পণ কৰি মহান বীৰগৰাকীৰ প্রতি শ্রদ্ধা জ্ঞাপন কৰা হয়।
তাৰ পিছত নির্মল চন্দ্র হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখনত কেইবাগৰাকী বক্তাই মহাবীৰ চিলাৰায়ৰ মহান কর্মৰাজী সম্পর্কে বিস্তৃত আলোচনা আগবঢ়ায়। চিলাৰায় দিৱসৰ মুখপত্র শুক্লধ্বজৰ শুভ উন্মোচন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নির্বাচিত সদস্য ৰামছিং তিমুঙে। মুখপত্রখন উন্মোচন কৰি প্রদান কৰা ভাষণত সদস্যগৰাকীয়ে কোচ-ৰাজবংশী সন্মিলনীৰ উদ্যোগত বকলীয়াঘাটত স্থাপন হবলগীয়া মহাবীৰ চিলাৰায়ৰ প্রতিমুর্তি স্থাপনৰ ক্ষেত্রত সকলো ধৰণে সহায়ৰ হাত আগবঢ়োৱা হ’ব বুলি মন্তব্য কৰে। সভাত কোচ-ৰাজবংশীসকলৰ কেইবাটিও গীত পৰিবেশন কৰা হয়।












