ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : শনিবাৰে পুৱাৰ ভাগত বোকাজানত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ অগ্নিকাণ্ডত ৫ টাকৈ বাসগৃহ সম্পূৰ্ণৰূপে জাহ যায়। প্ৰাপ্ত খবৰ অনুসৰি বোকাজান নগৰৰ ৬নং ৱাৰ্ডৰ শুকানজান অঞ্চলৰ জ্যোতিনগৰত আজি পুৱা প্ৰায় ৯ বজাত সংঘটিত হয় উক্ত অগ্নিকাণ্ডৰ ঘটনা ।
বাবুল দত্ত নামৰ মালিকাধীন ব্যক্তিগৰাকীৰ ঘৰত পাঁচটাকৈ ভাড়াঘৰ সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হয়। চৰ্ট চাৰ্কিটৰ বাবেই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।
পৰৱৰ্তী সময়ত বোকাজানৰ অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ তৎপৰতাৰে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।
অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই যদিও ভাড়াতীয়া হিচাপে থকা লোকসকলৰ প্ৰায় ২ লক্ষাধিক টকাৰ সম্পত্তি জুইত জ্বলি জাহ গৈছে বুলি জানিব পৰা গৈছে।