নিউজ ডেক্স:
বছৰটোৰ আৰম্ভণিতে ভাৰতীয় মহাকাশ সংস্থা চমুকৈ ইছৰোৰ বৃহৎ সাফল্য। আজি পুৱা ১০ বাজি ২৪ মিনিটত অন্ধপ্ৰদেশৰ হৰিকোটাৰ পৰা পি এছ এল ভি- চি ৫১ য়ে আমজেনিয়া-১ আৰু অন্য ১৮ টা চেটেলাইটৰ সৈতে উৰিল মহাকাশলৈ।
ইছৰোয়ে দিয়া তথ্যনুসৰি, পি এছ এল ভি- চি ৫১ হৈছে পি এছ এল ভি মিছনৰ ৫৩ সংখ্যক পদক্ষেপ আৰু লগতে ভাৰতৰ বাবে আজিৰ দিনটোৱে হৈছে ঐতিহাসিক দিন।
উল্লেখ্য যে, পি এছ এল ভি- চি ৫১ত ইছৰোৱে পঠাইছে এখন বৈদ্যুতিক গীতাৰ লগতে এটা উপগ্ৰহত অংকণ আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফটো। ইছৰোৰ মতে, এতিয়া মহাকাশতো ভাৰতৰ গীতাৰ বাণী গুঞ্জৰিত হব।