নিউজ ডেস্কঃ
যৌতুকৰ বাবেই আত্মহত্যা কৰিবলৈ বাধ্য হ’ল এগৰাকী বোৱাৰী। ঘটনাটি ঘটিছে ৰাজস্থানৰ জালোৰত। ২০১৮ চনত ৰাজস্থানৰ জালোৰ নিবাসী আৰিফ খানৰ সৈতে বিবাহ বন্ধনত আবদ্ধ হৈছিল আহমেদাবাদৰ দর্জি লিয়াকত আলিৰ কন্যা আয়েছা।
বিয়াৰ পিছৰ পৰা যৌতুকৰ বাবে নানা ধৰণৰ অত্যাচাৰ চলাই থাকে আয়েছাৰ ওপৰত। আনকি পিতৃ গৃহৰ পৰা টকা দিয়াৰ পিছতো অত্যাচাৰ নকমে শহুৰৰ ঘৰৰ লোকৰ। অৱশেষত সহিব নোৱাৰি নিপীড়িতাই আত্মহত্যাৰ পথ বাছি লয়। সমগ্র ঘটনা জানি বুকু কঁপি উঠে সকলোৰে।
আয়েছাৰ পিতৃ লিয়াকত আলিয়ে জনাইছে, ২০১৮ চনত বিয়াৰ পিছত যৌতুকৰ টকাৰ বাবে বহুবাৰ জীয়ৰীক তেওঁলোকৰ ওচৰত থৈ গৈছিল জোঁৱাই আৰিফ খানে। বুজাই-বঢ়াই ল’ৰাৰ ঘৰলৈ পঠালেও, তাত চলি থাকে অকথ্য অত্যাচাৰ। শেষত ২০১৯ চনত তেওঁলোকৰ দাবী মতে ডেৰ লাখ টকা দি জীয়েকক থৈ আহে। কিছুদিন মনে মনে থকাৰ পিছত পুনৰ আৰম্ভ হয় অত্যাচাৰ।
যৌতুকৰ টকা পাই আৰিফৰ ঘৰৰ লোক অধিক লোভী আৰু হিংস্র হৈ পৰে। আয়েছাক প্রায়েই তেওঁলোকে মাৰধৰ কৰিছিল। আনকি আত্মহত্যা কৰাৰ কথাও কয়। অৱশেষত জীৱনযুদ্ধত হাৰ মানিবলৈ বাধ্য হয় আয়েছা।
যোৱা ২৫ ফেব্রুৱাৰীত পিতৃ-মাতৃক ফোন কৰি শেষবাৰৰ বাবে কথা কৈ এটি ভিডিও ৰেকর্ড কৰে। তাত হাঁহি হাঁহি স্বামীক মুক্তি দিয়াৰ কথাও কয় আয়েছাই। তাৰ পিছত ভিডিওটো স্বামীৰ ঘৰৰ মানুহৰ মোবাইলতো পঠাই দিয়ে। তাৰ পিছতেই সবৰমতী নদীত জাঁপ দি আত্মহত্যা কৰে।
জীয়ৰীৰ ফোন পাই আয়েছাৰ পিতৃয়ে আৰক্ষীক খবৰ দিলেও, শেষৰক্ষা নহয়। আয়েছাই কৰা শেষ ফোন কল আৰু ভিডিওত স্বামীৰ বিৰুদ্ধে তেওঁ উজাৰি দিয়া ক্ষোভেই প্রমাণ হিচাবে পায় আৰক্ষী য়ে। এই ঘটনাৰ তদন্তত নামি এতিয়া আয়েছাৰ স্বামীক গ্ৰেপ্তাৰৰ কামত নামিছে আৰক্ষী।