ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : ২০২১ চনৰ অসম বিধান নিৰ্বাচনৰ অধিসূচনা জাৰী হোৱা আৰু নিৰ্বাচনী আচৰণ বিধি লাগু হোৱাৰ লগে লগে কাৰবি আংলং জিলা প্ৰশাসনেও এই লৈ বিশেষ তৎৰতা আৰম্ভ কৰিছে ৷ এইলৈ জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিনহাই ডিফু আৱৰ্তভৱনত এক সংবাদমেলৰ আয়োজন কৰে ৷
জিলা উপায়ুক্ত গৰাকীয়ে সংবাদ মাধ্যমক সম্বোধন কৰি কয়যে, ১৮ নং হাওৰাঘাট(জনজাতীয়) আৰু ১৯ নং ডিফু (জনজাতীয়) বিধান সভা সমষ্ঠিৰ বাবে ৰিটাৰ্ণিং বিষয়া পাৰ্থ প্ৰতিম জহ’ৰী জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিনহা নিজে ৰিটাৰ্ণিং বিষয়াৰ দায়িত্ব গ্ৰহণ কৰিছ৷
দুয়োটা সমষ্টিত মুঠ ৫০০ টা ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে, ইয়াৰে ৪২৫ টা মূল কেন্দ্ৰ আৰু ক’ভিড প্ৰটকলৰ বাবে অতিৰিক্তভাৱে ৭৫ টা কেন্দ্ৰ স্থাপন কৰা হৈছে ৷ মুঠ ভোটাৰৰ সংখ্যা ৩,২৮,৮৪২গৰাকী, পুৰুষ ভোটাৰ ১৬৪,২৬৯ আৰু মহিলা ভোটাৰ হ’ল ১,৬৪, ৫৭৩ গৰাকী ৷ এই তোলনাত সমষ্ট দুটাত মহিলা ভোটাৰৰ সংখ্যা পুৰুষতকৈও অধিক ৷ ১৮ নৱেম্বৰৰ প্ৰকাশ পোৱা খছৰা তালিকা অনুসৰি জনজাতীয় সমষ্টি দুটাত ১৭, ১৪০ গৰাকী নতুন ভোটাৰ বৃদ্ঝি পাইছে ৷
ইয়াৰে ১০,০০০ ফটো পৰিচয় পত্ৰ কাইলৈৰ পৰা বিতৰণ কৰা হব ৷ ক’ভিড প্ৰট’কলৰ বাবে একোটা কেন্দ্ৰত ভোটাৰ সকলৰ থাৰ্ম স্কেনিং কৰাৰ বাবে প্ৰথমবাৰৰ আশা কৰ্মী সকলক নিয়োজিত কৰা হৈছে বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়াৰ লগতে প্ৰয়োজনবশত অইন বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীকো এই কাৰ্যত নিয়োজিত কৰা হব বুলি কয় ৷
আনহাতে নিৰ্বাচনী আচৰণ বিধিৰ বাবে জিলা প্ৰশাসনে চৰকাৰী আৰু বেচৰকাৰী স্থান, দেৱাল আদিৰ পৰা এতিয়ালৈকে ২৮৮৭ খন হৰ্ডিং প’ষ্টাৰ আতৰাইছে বুলি কয় ৷ ইয়াৰ লগতে নিৰ্বাচনী আচৰণ বিধি চোৱা-চিতা কৰাৰ বাবে ফ্লায়িং স্কোৱাড গঠন কৰা হৈছে বুলি মন্তব্য কৰে ৷ ইয়াৰোপৰি উপায়ুক্ত গৰাকীয়ে নিৰ্বাচনী আচৰণ বিধিৰ ওপৰত বিস্তৃত বাখ্যা আগবঢ়ায় ৷











