![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : অসম ফিজিক এলায়েন্সৰ উদ্যোগত প্রথমবাৰৰ বাবে কাৰ্বি আংলং জিলাৰ বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজন কৰা ‘মিঃ অসম’ চেম্পিয়নশ্বিপত শোণিতপুৰৰ ভৃগুজ্যোতি শইকীয়াই মিঃ অসমৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। যোৱা নিশা অনুষ্ঠিত হোৱা উক্ত শৰীৰচর্চা প্রতিযোগিতাত অসমৰ প্রতিখন জিলাৰ পৰাই ভালেসংখ্যক যুৱক-যুৱতীয়ে অংশগ্রহণ কৰে। ভালেসংখ্যক দর্শকৰ উপস্থিতিত অনুষ্ঠিত হোৱা প্রতিযোগিতাখনত মিঃ অসম (জুনিয়ৰ)ৰ খিতাপ দখল কৰে ডিব্রুগড় জিলাৰ ধীৰাজ গগৈয়ে।

ইয়াৰ উপৰি মেন ফিটনেছ শাখাত শোণিতপুৰৰ প্রাঞ্জল কাশ্যপ, মেন ফিজিক শাখাত গােলাঘাটৰ পদার্পণ গগৈ, মহিলা ফিটনেছত শোণিতপুৰৰ নীহাৰিকা কোচ, মাষ্টার্ত কামপৰ খনীন্দ্র নাথ দাস আৰু দিব্যাংগ শাখাত নগাঁৱৰ জিন্টু দলেই শীর্ষতম স্থান লাভ কৰে বিজয়ী প্রতিযোগীসকলক ট্ৰফী, নগদ ধন আৰু মানপত্রৰে পুৰষ্কৃত কৰা হয়। কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ লাংফেৰৰ পৰিষদীয় সদস্য ৰামছিং তিমুঙে ফিটা কাটি প্রতিযোগিতাৰ শুভ উদ্বোধন কৰে।













