![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
জালুকবাৰী উৰণীয়া সেঁতুত ভয়ংকৰ দূৰ্ঘটনা; ফ্লাইঅভাৰৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই তলত ৰৈ থকা চিটীবাছৰ ওপৰত পৰিল এখন ডাম্পাৰ। আমিনগাঁৱৰ পৰা খানাপাৰা অভিমুখী ডাম্পাৰখনৰ নিহত হয় কিছমত আলী নামে চালকজন। ডাম্পাৰখনৰ হেণ্ডিমেন মইনুদ্দিন আলী আহত হোৱাত তেওঁক ততাতৈয়াকৈ জি.এম.চি এলৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনাগ্রস্ত ডাম্পাৰখনৰ নম্বৰ AS14-C-4770 লগতে ফ্লাইঅভাৰৰ তলত ৰৈ থকা চিটীবাছখনৰ নং আছিল AS01-HC-7443।













