![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
মঙলবাৰে মূখ্যমন্ত্ৰী সোণোৱালে দাখিল কৰে মনোনয়ন পত্ৰ। ৯ বজাত মাজুলীৰ শান্তিপুৰ স্থিত নামঘৰত নামপ্ৰসংগত চলি থকা সময়ছোৱাতেই বন্তি জ্বলোৱাৰ লগতে দণ্ড খৰচা আগবঢ়াই অষ্টাংগে সেৱা জনায়। মূখ্যমন্ত্ৰী গৰাকীয়ে ধূতি কুৰ্তা পৰিধান আইমাতৃৰ আশীৰ্বাদ লয় আৰু শান্তিপুৰৰ ওচৰতে থকা তেওঁৰ অস্থায়ী বাসগৃহত প্ৰৱেশ কৰে। প্ৰায় ১০.৩০ মান বজাত চিতাদাৰ চাৰিআলিৰ নীলকন্ঠ মন্দিৰত পূজা আগবঢ়াই মূখ্যমন্ত্ৰী সোণোৱালে মাজুলী মিনি ষ্টেডিয়ামত দলীয় কৰ্মী সকলৰ সৈতে ৰেলী কৰি উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। তেওঁৰ সৈতে বৃহৎ ৰেলীত অংশগ্ৰহণ কৰে বিভিন্ন জনগোষ্ঠীয় নৃত্য সম্ভাৰৰ লগতে ভাওনাৰ বিভিন্ন চৰিত্ৰ যেনে হনুমান বালি সুগ্ৰীৱ, আদিয়ে।
উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰোতে মূখ্যমন্ত্ৰীক সংগ দিয়ে নিৰ্বাচনীৰ এজেন্ট নৃপেন বৰা আৰু অধিবক্তা অভিমান্যু বৰুৱা। আকৌ, শোভাযাত্ৰা কৰি গড়মূৰ মিনি ষ্টেডিয়ামত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে। গড়মূৰ মিনি ষ্টেডিয়াম ৰ পৰা ৩ সহস্রাধিক সমৰ্থকক লগত লৈ মনোনয়ন পত্র প্ৰদান কৰাৰ পাছত পুনৰ গড়মুৰ মিনি ষ্টেডিয়ামত এক ৰাজহুৱা সভা সম্বোধন কৰে। সভাত ৰাজ্যিক বিজেপি ৰ সভাপতি ৰঞ্জিত দাস, হিমন্ত বিশ্ব শৰ্মা, অতুল বৰা, প্ৰমোদ বড়োকে ধৰি বহু সংখ্যক নেতা পালি নেতাই অংশগ্রহণ কৰে।













