![]()
ছাইদুল ইছলাম
ডিফু : ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে প্ৰথমবাৰৰ বাবে ইভিএম কম্পিউটাৰ লটাৰীযোগে বিতৰণ কৰা হৈছে ৷ আজি পাহাৰীয়া জিলা কাৰবি আংলঙৰ সদৰ চহৰ ডিফুত এই মন্তব্য কৰে নিৰ্বাচনী বিষয়া জিণ্টু বৰাই৷ ডিফু নিৰ্বাচনী জিলাৰ ইভিএম ওৱেৰ হাউছত সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত নিৰ্বাচনী বিষয়াগৰাকীয়ে কয় যে, ইভিএমসমূহ বোকাজান, হাওৰাঘাট আৰু ডিফু নিৰ্বাচনী জিলালৈ বিতৰণ কৰিবলৈ ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি বিশেষ ব্যৱস্থাৰ অৱলম্বন কৰা হৈছে ৷ কম্পিউটাৰ লটাৰীযোগে ৰদ-বদল কৰি ইভিএমবোৰ বিতৰণৰ ব্যৱস্থা কৰা হৈছে ৷

আজি ডিফু ইভিএম ওৱেৰ হাউচৰ পৰা ইভিএমবোৰ বোকাজানলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে ৷ প্ৰতিখন ৰাজহ জিলাৰ জ্যেষ্ঠ দণ্ডাধীশৰ উপস্থিতিত এই প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে ৷
আনহাতে, নিৰ্বাচন কেন্দ্ৰিক প্ৰশিক্ষণ প্ৰথম পৰ্যায় সামৰি মাজ ভাগত উপনীত হৈছে বুলি জনায় বিষয়াগৰাকীয়ে৷ ক’ভিডৰ বাবে এইবাৰ অনলাইন যোগেও প্ৰশিক্ষণ প্ৰদান কৰা হৈছে বুলি কয় নিৰ্বাচনী বিষয়া জিণ্টু বৰাই ৷












