![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : বোকাজানত পুনৰ জব্দ কৰা হ’ল নিষিদ্ধ ড্ৰাগছ ৷ বোকাজানৰ ডিলাই থানাৰ অন্তৰ্গত পুৰণা লাহৰিজান সীমান্ত আৰক্ষী চাউনীৰ বিশেষ নাকা তালাচীত জব্দ হয় ড্ৰাগছখিনি । প্ৰাপ্ত খবৰ অনুসৰি ডিমাপুৰৰ পৰা অসমত প্ৰৱেশ কৰাৰ সময়ত AS-01-AK-5996 নম্বৰৰ এখন বাহনত আৰক্ষীয়ে তালাচী চলাই জব্দ কৰে ড্ৰাগছখিনি ।

ড্ৰাগছখিনি আনিবলৈ সৰবৰাহকাৰীয়ে অতি চতুৰালিৰে বাহনখনৰ ছাউণ্ড বক্সৰ ভিতৰত সুমুৱাই আনিছিল ড্ৰাগছখিনি । তালাচী কালত জব্দ কৰা হৈছে প্রায় ১৭৯ গ্ৰাম ড্ৰাগছ আৰু ইয়াৰ বজাৰ মূল্য প্ৰায় ১০ লক্ষাধিক টকা । আৰক্ষীয়ে ড্ৰাগছখিনিৰ সৈতে আটক কৰিছে দুটা সৰবৰাহকাৰী। দুই ধৃত সৰবৰাহকাৰী ক্ৰমে গুৱাহাটীৰ মিল্টন চক্ৰৱৰ্তী আৰু ত্ৰিপুৰাৰ সুশীল দাস ।












