নিউজ ডেস্কঃ
আৰু এটি বঁটা পাবলৈ আগবাঢ়িছে বিগ বি। এফআইএএফ (FIAF) সন্মানেৰে বিভূষিত কৰা হ’ব অমিতাভ বচ্চনক। ফিল্ম ইণ্ডাষ্ট্ৰিত আজীৱন অৱদানৰ বাবেই এই সন্মান পাবলৈ আগবাঢ়িছে ছিনিয়ৰ বচ্চন। মার্টিন স্কৰ্ছছে আৰু ক্রিষ্টোফাৰ নালনে অমিতাভৰ হাতত তুলি দিব এই অনন্য সন্মান। ইণ্টাৰনেচনেল ফেডাৰেচন অব ফিল্ম এচিভাৰ্ছৰ তৰফৰ পৰা এই সন্মান প্ৰদানৰ আয়োজন কৰা হৈছে।
সুদীর্ঘ বছৰ ধৰি সংস্থাটোৰ সৈতে জড়িত ক্রিষ্টোফাৰ আৰু মার্টিনে অমিতাভৰ হাতত উক্ত বঁটা তুলি দিয়াৰ পূৰ্বে অমিতাভৰ বর্ণময় কর্মজীৱনৰ ভূয়সী প্রশংসা কৰে। তেওঁলোকে কয়, অমিতাভ বচ্চনে ভাৰতীয় চিনেমাৰ মান নিজৰ অভিনয় দক্ষতাৰ মাধ্যমেৰে বহুখিনি সমৃদ্ধ কৰাৰ চেষ্টা কৰিছে আৰু ধাৰাবাহিকভাবে কৰি গৈছে। সংস্থাটোৱে সমগ্ৰ পৃথিৱীজুৰি চিনেমাৰ প্রচাৰ আৰু প্রসাৰক লৈ কাম কৰে।