ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুত বিজেপিৰ প্ৰথমখন নিৰ্বাচনী সভাত দহ সহস্ৰাধিক সমৰ্থকেৰে শক্তি প্ৰদৰ্শন

বিজেপিৰ বাবে কংগ্ৰেছ প্ৰত্যাহ্বান নহয়, কিন্তু বদৰুদ্দিন আজমল জাতিৰ লগতে বিজেপিৰ বাবেও প্ৰত্যাহ্বান : হিমন্ত বিশ্ব

News Desk by News Desk
March 11, 2021
Reading Time: 1 min read
A A
0

New Logo Very Smal 1 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

ছাইদুল ইছলাম

ডিফু : “সমাগত নিৰ্বাচনত বিজেপিৰ বাবে কংগ্ৰেছ দল প্ৰত্যাহ্বান নহয় কিন্ত্তু বদৰুদ্দিন আজমল জাতিৰ লগতে বিজেপিৰ বাবেও প্ৰত্যাহ্বান ৷ বদৰউদ্দিনে সভ্যতা, সংস্কৃতি ধ্বংস কৰিছে – এই মন্তব্য অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী ডাঃ হিমন্ত বিশ্ব শর্মাৰ । উল্লেখযোগ্য যে, আজি কাবি আংলং জিলাৰ ডিফু আৰু হাওৰাঘাট বিধানসভা সমষ্টিৰ দুয়োগৰাকী বিজেপি দলৰ প্রার্থী বিদ্যাছিং ইংলেং আৰু দৰছিং ৰংহাঙে ডিফুৰ জিলা উপায়ুক্তৰ কার্যালয়ত মনোনয়ন দাখিল কৰাৰ পূর্বে ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ প্রাংগণত অনুষ্ঠিত কৰা এক বিশাল ৰাজহুৱা সভাত উপস্থিত হোৱা প্ৰায় দহ হাজাৰ লোকক সম্বোধি প্রদান কৰা ভাষণত মন্ত্রীগৰাকীয়ে কংগ্রেছ দল আৰু এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলক কঠোৰ ভাষাৰে সমালোচনা কৰি এই মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে আজমলৰ জোঁঠা পানী চৰবাসীয়ে খোৱাৰ দৰে কংগ্ৰেছ দলৰ ৰিপুণ বৰাও খাব খুজিছে বুলি কটাক্ষ কৰে ৷ কংগ্ৰেছে বদৰুদ্দিন আজমলৰ নেগুৰত ধৰি নিৰ্বাচনী বৈতৰণী পাৰ হ’ব খুজিছে ৷ বটদ্ৰৱা সত্ৰৰ ভূমি বেদখলৰ পৰা আৰম্ভ কৰি মিঞা স্কুল খুলি মিঞা কবিতা লিখি অসমৰ জাতীয় জীৱনৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে আজমল বাহিনী ৷ সেয়ে আজমল বাহিনীক সহজ নহয় চিৰিয়াছ বাবেই ল’ব লাগিব বুলি সংবাদ মাধ্যমৰ মন্তব্য কৰে বিজেপিৰ বাকপটু মন্ত্ৰী গৰাকীয়ে ৷

ka4 | ASSAM TIMES POST

কংগ্রেছ দলক সম্প্রতি এক অস্থিত্বত্বহীন দল বুলি অভিহিত কৰি দলটোক নচলা পাঁচশ টকাৰ নোট তথা পাম্প নোহোৱা ফুটবলৰ সৈতে তুলনা কৰি বদৰউদ্দিন আজমল নেতৃত্বধীন এআইইউডিএফ দলৰ সৈতে হোৱা মিত্রতাক সমালোচনা কৰি বদৰুদ্দিন আজমলে চৰকাৰ গঠনৰ সুযোগ পালে কাৰবি আংলঙৰ বিষয়ে চিন্তা কৰিব নে কাৰ কথা চিন্তা কৰিব সেয়া বুজাই ক’ব লাগিব নেকি বুলি প্রশ্ন কৰে। জনাকীর্ণ সভাখনত ভাষণ প্রদান কৰি মন্ত্রীগৰাকীয়ে শেহতীয়াকৈ ডিফু নগৰৰ বিশেষ উন্নয়ন, ৰাস্তা ঘাটৰ ব্যাপক উন্নয়ন হোবা বুলি দাবী কৰি কংগ্রেছ দীঘলীয়া শাসনকালত সম্ভৱ নোহোৱা ষ্টেডিয়াম, ইনডৰ স্টেডিয়াম, সাংস্কৃতিক প্রকল্প আদি নির্মাণ হোৱাৰ কথা উল্লেখ কৰে। বিজেপিৰ শাসনতে পাহাৰীয়া জিলাখনত শাস্তি, বিশ্বাস আৰু নতুন আনন্দৰ পৰিৱেশ সুষ্টি হোৱা বুলি দাবী কৰি জিলাখনৰ সশস্ত্র সংগঠনসমূহৰ সৈতেও সম্প্রতি কেন্দ্রীয় চৰকাৰৰ শাস্তি আলোচনা প্রক্রিয়া অব্যাহত থকা বুলি অৱগত কৰে।

কিছুদিন পূর্বে মন্ত্রীগৰাকীয়ে নিজেই কেন্দ্রীয় গৃহমন্ত্ৰীৰ সৈতে বিদ্রোহী সংগঠনসমূহক সাক্ষাৎ কৰোৱাৰ লগতে উক্ত আলোচনাত জিলাখনৰ দীর্ঘদিনীয়া ৰাজনৈতিক দাবী ২৪৪(ক)ৰ ৰূপায়ণ, কার্বি ভাষাক ৰাজ্য ভাষাৰ মর্যাদা প্রদান, স্বায়ত্বশাসিত পৰিষদৰ আসন বৃদ্ধি, পৰিষদত সকলো জাতি-জনগোষ্ঠীৰ প্রতিনিধিত্ব, অর্থনৈতিকভাবে গুৰুত্বপূর্ণ পথ, সীমান্ত এলেকাৰ পথসমূহৰ নির্মাণ আদি সকলো বিষয় সন্দর্ভত আলোচনা কৰা হোৱা বুলি মন্ত্রীগৰাকীয়ে কয়৷ এই সন্দর্ভত ভাল ফলাফল আশা কৰিব পাৰি বুলি কয়। জিলাখনত চেমচনছিং ইংতিৰ নামতে এখনি ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপনৰ লগতে বিমান বন্দৰ নিৰ্মাণ কৰি জিলাখনক এখন জাকত জিলিকা জিলা হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে বিজেপি চৰকাৰ সংকল্পবদ্ধ বুলি কয় ৷

ka3 | ASSAM TIMES POST

কংগ্রেছৰ আমোলত তেতিয়াৰ মন্ত্রী খৰছিং ইংতিয়ে পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কৰিছিল বুলি কয়৷ মন্ত্ৰী ছুম ৰংহাঙক তীব্ৰ কটাক্ষ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে, ছুম ৰংহাঙে কাৰবি আংলঙ স্বায়ত্ত শাসিত পৰিষদৰ বাবে মন্ত্ৰীত্ব কালত একোৱেই নকৰিলে, পুঁজি মুকলিৰ ফাইল মন্ত্ৰীগৰাকীৰ টেবুলতে ছমাহ পর্যন্ত পৰি থকাৰ বাবে বহু সমস্যাৰ সৃষ্টি হোৱা বুলি মন্তব্য কৰি দলত টিকট নোপোৱাৰ পিছতেই ৰংহাং আজমলৰ বোকোচাত উঠিল বুলি মন্তব্য কৰে। ভাষণ প্রসংগত বোকাজানৰ বিধায়ক ডাঃ নোমল মমিনক বিগত কার্যকলাৰ প্রদর্শনৰ বাবে ভূয়সী প্রশংসা কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ পাৰ্বত্য জিলাৰ চাৰিওখন সমষ্টিত বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থীক ৰাইজে বিপুল ভোটত জয়যুক্ত কৰাব বুলি কয় ৷ অনাগত দিনত জিলাখনত উন্নয়নৰ বৰষুণ হ’ব বুলিও মন্ত্রীগৰাকীয়ে লগতে আশা প্রকাশ কৰে। সভাখনত কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং,সাংসদ হৰেণছিং বে’, জিলা বিজেপিৰ সভাপতি ধনছিং টেৰণ, আটাইকেইগৰাকী দলীয়প্রার্থী উপস্থিত থাকে।

আনহাতে, ডিফুত আজি এএছড়িচি দলৰ হাওৰাঘাটৰ প্রার্থী চন্দ্রকান্ত তেৰাঙ, বোকাজান সমষ্টি এএছডিচি দলৰ প্রার্থী ৰাজেন্দ্র ৰংপি, বোকাজান মহকুমাধিপতিৰ কার্যালয়ত মনোনয়ন পত্র দাখিল কৰে। অর্ধ সহস্রাধিক লোকৰ অংশগ্রহণেৰে শুকানজানৰ পৰা শোভাযাত্রা কৰি চিপিআই (এমএল) হিলছৰ আমলং ইংতিয়েও আজি বোকাজানৰ মহকুমাধিপতিৰ ওচৰত
মনোনয়ন-পত্র দাখিল কৰে। পশ্চিম কাৰবি আংলং উপায়ুক্ত কাৰ্যালয়ত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ সমৰ্থিত এএছডিচিৰ প্ৰাৰ্থী ছাৰছিং ইংলেঙেও সমৰ্থকসহ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে ৷

Tags: Featured
Share4Tweet3Send

Related Posts

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
ADVERTISEMENT
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
50
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ
National-International

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
50
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026
50
FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি
National-International

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

July 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx