![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : নিৰ্বাচনী আচৰণ বিধিৰ মাজতে অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত বৃদ্ধি পাইছে অপৰাধ মূলক কাৰ্যকলাপ ৷ আজি অসম-নগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৱৰ্তী লাহৰিজানত আজি আৰক্ষীয়ে অভিযান চলাই ৯১ কেজি ভাং জব্দ কৰিবলৈ সক্ষম হৈছে। আৰক্ষী সূত্ৰে লাভ কৰা তথ্য অনুসৰি এক গোপন সূত্ৰৰ ভিত্তিত লাহৰিজান আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ্জ্বল গগৈৰ নেতৃত্বত আজি লাহৰিজান আৰক্ষী পহৰা চকীৰ সন্মুখতে এক তালাচী অভিযান চলোৱা হয়।

উক্ত অভিযানত অভিযানকাৰী আৰক্ষীৰ দলটোৱে এএছ-২৫-চি-৮০৮৭ নম্বৰৰ স্কৰপিঅ’ বাহনখনৰ পৰা ৪৩ টা পেকেটত ভৰাই অনা অৱস্থাত মুঠ ৯১ কেজি ভাং জব্দ কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

ধৃত লোককেইজন ক্ৰমে হোজাই জিলাৰ লংকা থানাৰ অন্তৰ্গত পূব ধনীৰাম পথাৰ নিবাসী আছাব উদ্দিন (৩২), আব্দুল ছাট্টাৰ (৩৮) আৰু মণিপুৰৰ ইম্ফল ৱেষ্ট জিলাৰ থাংমেইবেণ্ড য়ুনাম লেইকাইৰ নিবাসী ভাৰত প্ৰসাদ চাহু(৫৪) বুলি আৰক্ষী সূত্ৰে প্ৰকাশ৷












