![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
পশ্চিম কাৰ্বিআংলং : সমাগত বিধানসভা নিৰ্বাচন। ২০নং বৈঠালাংছ’ বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন । এই অন্তিম দিনা ২০নং বৈঠালাংছ’ বিধানসভা সমষ্টিৰ বাবে কংগ্ৰেছ, চিপিআই (এম.এল), নিৰ্দলীয়কে ধৰি মুঠ পাঁচগৰাকী প্ৰাৰ্থীয়ে হামৰেণস্থিত জিলা উপায়ুক্ত কাৰ্যালয়ৰ ৰিটাৰ্নিং বিষয়াক মনোনয়ন পত্ৰ দাখিল কৰে।
সমষ্টিটোটোত এইবাৰ কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰা নতুন মুখৰ যুৱ নেতা আগষ্টিন ইংহিয়ে প্ৰায় দুই সহস্ৰাধিক সমৰ্থকক লগত লৈ বিশাল সমদল কৰি ৰিটাৰ্নিং বিষয়াৰ হাতত নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে।

আজি মনোনয়ন দাখিল কৰা আন কেইগৰাকী প্ৰাৰ্থী হ’ল চিপিআই (এম.এল) দলৰ প্ৰতিমা ইংহিপী, ৰাষ্ট্ৰীয় হিন্দু সমাজবাদী পৰিষদৰ প্ৰবীন হাঞ্চে, নিৰ্দলীয় ৰীণা বেপী, এন পি পি দলৰ ৱেলকাম তেৰণ।
আজি মনোননয়ন পত্ৰ দাখিলৰ অন্তত সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰা মুঠ প্ৰাৰ্থী সংখ্যা হ’লগৈ ৮গৰাকী। আঠজন প্ৰাৰ্থীৰ ভিতৰত আছে বিজেপিৰ-ৰূপছিং তেৰণ, কংগ্ৰেছৰ আগষ্টিং ইংহি, চিপিআই (এম.এল)ৰ প্ৰতিমা ইংহিপী, এএচডিচি- চাৰছিং ইংলেং, অল পাৰ্টি হিলচ্ লিডাৰচ্ কনফাৰেঞ্চ- বিক্ৰম হাঞ্চে আদি । সমষ্টিটোৰ মুঠ ২০৯৭২৯জন ভোটাৰে এই আঠজনৰ ভাগ্য নিৰ্ণয় কৰিব অহা ১ এপ্ৰিলত।













