![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : “জয়ৰাম ইংলেঙ আৰু ছুম ৰংহাঙ নাথাকিলে পাহাৰত কেতিয়াও পদুম নুফুলিলেহেঁতেন, কাৰবি আংলঙ স্বায়ত্তশাসিত পৰিষদৰ দুৰ্নীতিৰ কথা মই জনাৰ বাবে মোক বিজেপি দলৰ টিকট প্ৰদান নকৰিলে ।” আজি ডিফু উপায়ুক্ত কাৰ্যালয়ত বিজেপিৰ পৰা টিকট বঞ্চিত হৈ কংগ্ৰেছৰ প্ৰক্ষেপিত প্ৰাৰ্থী হিচাপে দলীয় সমৰ্থকৰ হৈ মনোনয়ন দাখিল কৰিবলৈ আহি এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অসম চৰকাৰৰ পাৰ্বত্য উন্নয়ণ মন্ত্ৰী ছুম ৰংহাঙে ৷ মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত ক্ষোভ প্ৰকাশ কৰি কয় যে, যদিহে মই অকৰ্মণ্য তেন্তে ৰাইজে কেনেকৈ মোক নিৰ্বাচিত কৰিলে ? ৬ বছৰ পূৰ্বে তুলিৰাম ৰংহাঙৰ অৱস্থা কেনে আছিল বুলি প্ৰশ্ন কৰি বৰ্তমান তুলিৰাম ৰংহাঙ অগাধ সম্পত্তিৰ মালিক কেনেকৈ হ’ল সেয়া ৰাইজে বুজি পাইছে বুলি কয় ৷ তুলিৰাম ৰংহাঙ কাৰ্যালয়ত থাকিলে ইএম এমএচি, কাৰ্যালয়ৰ কৰ্মচাৰী থাকে, তেওঁ নাথাকিলে কোনো নাথাকে বুলি অভিযোগ কৰে ৷ ৰাজনৈতিক দলৰ জন্ম হয় ৰাইজৰ সেৱাৰ বাবে ৰাইজক লুটিবৰ বাবে নহয়, বৰ্তমান পাহাৰত লুটৰাজহে চলিছে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

আনহাতে, চিপিআই (এমএল) হিলছ পাৰ্টীৰ ১৯নং ডিফু (জনজাতি) বিধানসভা সমষ্টি আৰু ১৮নং হাওৰাঘাট বিধানসভা সমষ্টিৰ বাবে ক্ৰমে, ৰবি কুমাৰ ফাংচ’ আৰু ৰঞ্জিত ক্ৰামছাইয়ো ডিফু উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে ৷ মনোনয়ন পত্ৰ দাখিলৰ পিছত সাংবাদিকৰে হোৱা বাৰ্তালাপত ৰবি কুমাৰ ফাংছই কয় যে জিলাখনৰ ঐতিহাসিক চুক্তি MOU আৰু MOSৰ প্ৰতিটো দফা ৰূপায়ণৰ লগতে ২৪৪(ক) ৰূপায়ণৰ বাবে তেওঁ সংকল্পবদ্ধ ৷ চিপি আই(এমএল)ৰ বিধায়ক হিচাপে নিৰ্বাচিত হ’লে তেওঁ জিলাখনৰ বিভিন্ন জাতি-জনগোষ্ঠী আৰু জনজাতি-অজনজাতিৰ সম উন্নয়ণ আৰু সমবিকাশ কৰা হ’ব ৷
ইতিমধ্যে, দুবাৰকৈ ১৮নং হাওৰাঘাট সমষ্টিৰ ৰাইজে তেওঁক নিৰ্বাচিত কৰি পঠিয়ালে এইবাৰো তেওঁক বিপুল ভোটত জয়যুক্ত কৰিব বুলি কয় ৷ ইয়াৰোপৰি আজি কংগ্ৰেছ দলৰ ১৮নং হাওৰাঘাট সমষ্টিৰ হৈ সঞ্জীৱ টেৰণ, নিৰ্দলীয়ৰ হৈ ৰাকেশ ৰংহাঙ আৰু এনপিপিৰ ১৯নং ডিফু বিধানসভা সমষ্টিৰ বাবে ৰাজেন তিমুঙ, ১৮নং হাওৰাঘাট বিধানসভা সমষ্টিৰ বাবে চ’মাং টেৰণ আৰু ২০নং বৈঠালাং বিধানসভা সমষ্টিৰ বাবে চিপিআই (এম.এল)ৰ হৈ প্ৰতিমা ইংহিপীয়ে মনোনয়ন দাখিল কৰে ৷
আনহাতে, ২০নং বৈঠালাংচ সমষ্টিত বিয়লিৰ ভাগত নিৰ্দলীয় প্ৰাৰ্থী ৰাহিলি ফাংচপী, দিলীপ চিং বে’ই ১৯নং ডিফু সমষ্টিৰ বাবে এনপিপিৰ ওৱেলকাম টেৰণ, কংগ্ৰেছৰ আগষ্টিন ইংহি, ৰাষ্ট্ৰীয় হিন্দ সমাজ পাৰ্টীৰ প্ৰবীন হাঞ্চে আৰু জনতা দল ইউনাইটেডৰ ফালৰ পৰা সীমা ৰংহাঙপীয়ে মনোনয়ন দাখিল কৰিছে বুলি জানিব পৰা গৈছে৷












