![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : আজি বিয়লিৰ ভাগত ডিফুত সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ডত এলেকাটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি ডিফু নিকটৱৰ্তী মাটিপুং গেছ গুদামৰ এক জনবহুল এলেকাৰ এটা গৃহত অগ্নি সংযোগ হৈ তিনিটা ঘৰ সম্পূৰ্ণৰূপে জ্বলি ছাৰখাৰ হয় ৷ অগ্নিকাণ্ডটোত বৃহৎ শব্দৰে তিনিটাকৈ চিলিণ্ডাৰ বিষ্ফোৰিত হোৱাৰ ফলত এলেকাটোত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷

উক্ত অগ্নিকাণ্ডত প্ৰাণ সিনহা, ৰূপছিং হাঞ্চে আৰু বাপন সুত্ৰধৰৰ ঘৰ জ্বলাৰ লগতে ভাড়াটীয়া অনিল ছাহা আৰু উমেশ দাসৰ ভাড়া ঘৰো জ্বলি ভয়্মীভূত হয় ৷ অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ বাবে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷

উক্ত অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকা সা-সম্পত্তি জুই জাহ যোৱাৰ লগতে গুৰুত্বপূৰ্ণ নথি -পত্ৰ জ্বলি ছাই হয় বুলি জানিব পৰা গৈছে ৷ ইফালে অগ্নি নিৰ্বাপন কৰিবলৈ দুটাকৈ অগ্নিনিৰ্বাপক গাড়ী ঘটনাস্থলীত আহিল যদিও ঠেক বাট-পথৰ বাবে জুই নিৰ্বাপন কৰিব নোৱাৰিলে ৷ উপায় নাপাই অগ্নি নিৰ্বাপন বাহিনীয়ে মটৰ খুলি দাঙি নি কুৱাত স্থাপন কৰি জুই নুমোৱাৰ চেষ্টা চলায় ৷ ইফালে স্থানীয় ৱাৰ্ড কমিচনাৰ দিগন্ত গগৈয়ে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে ডিফু আৰক্ষীয়েও জুই নিয়ন্ত্ৰণৰ চেষ্টা কৰে ৷












