![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : বিগত তিনিমাহে সন্ধান নাই অপহৃত চালক আৰু গাড়ীৰ ৷ এইলৈ আজি ডিফুৰ এটি অসহায় পৰিয়াল সংবাদ মাধ্যমৰ শৰণাপন্ন হয় ৷ আজি ডিফু স্থিত জিলা প্ৰেছ ক্লাৱত এক সংবাদ মেলত শোকত ভাগি পৰে অপহৃতাৰ পৰিয়াৰ লোক ৷ অপহৃতাৰ পিতৃ আব্দুল মতলিবে সংবাদ মাধ্যমক সদৰি কৰা অনুসৰি তেওঁৰ পুত্ৰ আফজল আলিয়ে যোৱা ৩ জানুৱাৰীত ভাড়ালৈ নিজৰ বগা ৰঙৰ এএছ ০২ চি চি ২৬০৪ নম্বৰৰ টাটা মোৱাইল গাড়ীখনেৰে হোজাই জিলাৰ যমুনামুখলৈ যায় ৷ পৰৱৰ্তী সময়ত আন এটা ভাড়ালৈ নগাঁৱলৈ যোৱা বুলি পৰিয়ালৰ লোকক জনাইছিল যদিও তাৰ পিছৰ পৰা পুত্ৰৰ সৈতে তেওঁৰ যোগাযোগ বিচ্ছিন্ন হয়।
এই সন্দৰ্ভত পিতৃ মতলিব আলীয়ে ডিফু থানাৰ দ্বাৰস্থ হৈছিল কিন্তু ঘটনাৰ স্থান নগাঁৱৰ হোৱাৰ বাবে এই সন্দৰ্ভত ৬ জানুৱাৰী ২০২১ত নগাঁও সদৰ থানাত ৪৪/২০২১ত গোচৰ ৰুজু কৰি তদন্তৰ বাবে হয়বৰগাঁও আৰক্ষী চকীত গোচৰটো হস্তান্তৰ কৰে। পিতৃ আব্দুল মতলিবে অভিযোগ কৰা অনুসৰী হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আবিদুৰ ৰহমানে কোনো তদন্ত নকৰাকৈ গোচৰটো পেলাই থৈ ওলোটাই অপহৃতৰ পিতৃকহে নিজে তদন্ত কৰিবলৈ কয়। যোৱা ৪ ফেব্ৰুৱাৰীত নগাওঁ আৰক্ষীয়ে ধিঙৰ কদমনিৰ পৰা গোচৰ সংক্ৰান্তত এজন ব্যক্তিক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে । যদিও মূল অপৰাধীক কৰায়ক্ত কৰিব নোৱাৰাৰ উপৰিও গাড়ীসহ সন্ধানহীন আফজল আলীৰো কোনো শুংসূত্ৰ উলিয়াব নোৱাৰাৰ বাবে আৰক্ষীৰ ব্যৰ্থতাক লৈ প্ৰচণ্ড ক্ষোভ উজাৰে পিতৃ আব্দুল মতলিবৰ।
এই সন্দৰ্ভত পিতৃয়ে নগাঁও আৰক্ষী অধীক্ষৰ কাৰ্যালয়তো ক্ষীপ্ৰ আৰু সু-তদন্তৰ বাবে দাবী জনায়। এইলৈ নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে গোচৰটোৰ সু-তদন্ত হ’ব বুলি আশ্বাস প্ৰদান কৰে। বৰ্তমানলৈ শুংসুত্ৰ নোলাল অপহৃতা চালক কিম্বা গাড়ীৰ ৷ ফলত ভাগি পৰিছে অপহৃত চালক আফজলৰ পৰিয়াল ৷ আজিৰ এই সংবাদ মেলত আফজল আলিৰ পৰিয়ালটোৰ ন্যায় ব্যৱস্থাৰ ওপৰত আশ্বাস আৰু অবিস্বাসৰ দোমোজাকলৈ সচেতন মহলত বহুতো প্ৰশ্নৰ অৱতাৰনাৰ সৃষ্টি হৈছে।












