![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : শুকুৰবৰে বিয়লি ৫মান বজাত ধনশিৰি আৰু ৰঙাপাহাৰ ৰে’ল ষ্টেচনৰ মাজত এজন আহত লোক উদ্ধাৰ হৈছিল। ৰে’ল পষ্ট নং ২৪৫/২-৩ৰ কাষত উদ্ধাৰ হোৱা ব্যক্তিজনৰ বয়স ৬০ৰ পৰা ৬৫ বছৰ হ’ব বুলি অনুমান কৰা গৈছে। ঘটনাৰ খবৰ লাভ কৰি ডিফু ৰে’ল ষ্টেচনৰ ডিফু জিআৰপি পিপিৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত লোকজনক ততাতৈয়াকৈ ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্রেৰণ কৰা হয়, যদিও মাজনিশা লোকজনে শেষ নিঃশ্বাস ত্যাগ কৰে। আৰক্ষীয়ে অচিনাক্ত লোকজনৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যবস্থা কৰাৰ লগতে চিনাক্তকৰণৰ বাবে ৭২ ঘন্টা ডিফু মর্গত ৰাখিব বুলি জানিবলৈ দিছে।













