![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : আজি পুৱাৰ ভাগত অসম-নাগালেণ্ড সীমান্তঞ্চলত অবৈধ হেৰইন আৰু নগদ ধন জব্দ হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ সমাগত বিধানসভা নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে অপৰাধী চক্ৰই বিভিন্ন কৌশলেৰে অব্যাহত ৰাখিছে নিচাযুক্ত সামগ্ৰীৰ অবাধ সৰবৰাহ ৷ অবৈধ ড্ৰাগছৰ সৰবৰাহৰ বাবে ক’ৰিডৰ হিছাপে অপৰাধী চক্ৰই ব্যৱহাৰ কৰি আহিছে ডিমাপুৰ কাৰবি আংলং পথ ৷ সমান্তৰালভাবে অসম পুলিছেও এই চক্ৰক উৎখাত কৰিবলৈ দিনে-নিশাই সীমান্তঞ্চলত পহৰা তীব্ৰতৰ কৰি তুলিছে ৷

প্ৰাপ্ত খবৰ অনুসৰি আজি অসম-নাগালেণ্ড আন্তঃৰাজ্যিক সীমান্তত খটখটি আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ কৰা হয় নগদ ৬ লাখ টকাসহ হেৰ’ইন ৷ ১২টা চাবোনৰ বাকচত জব্দ কৰা হয় প্ৰায় ১৪৮ গ্ৰাম হেৰ’ইন ৷ ডিমাপুৰৰ লংনিলা দেৱনাথ পুমেই নামৰ মহিলাগৰাকীয়ে অন্য এজন লোকক দিবলৈ আনিছিল হেৰ’ইনখিনি ৷ আৰক্ষীয়ে কৌশলী অভিযান চলাই ড্ৰাগছ সংগ্ৰহৰ বাবে অহা লোকজনক বোকাজান এলেকাৰ সৰিয়হজানৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰী ৰঞ্জিত গগৈৰ পৰা ১ লাখ টকাৰ লগতে AS-05-Q-0482 নম্বৰৰ এখন স্কুটী জব্দ কৰে আৰক্ষীয়ে৷ ৰঞ্জিত গগৈৰ ঘৰ গোলাঘাট জিলাৰ সৰুপথাৰ থানাৰ অন্তৰ্গত ২নং কৰিগাঁওত ঘটনা সন্দৰ্ভত ৰঞ্জিত গগৈৰ লগতে মহিলাগৰাকীক আটক কৰে খটখটি আৰক্ষীয়ে।












