![]()
ছাইদুল ইছলাম
ডিফু : ৰাজ্যৰ বিধানসভা নির্বাচনৰ দ্বিতীয় পর্যায়ত ভোটদান অনুষ্ঠিত হ’বলগীয়া পার্বত্য জিলাৰ পাঁচখনকৈ আসনত বিজয় নিশ্চিত কৰাৰ উদ্দেশ্যে শাসকীয় বিজেপি দলে প্রস্তুতি আৰম্ভ কৰাৰ সময়তে বোকাজানৰ বিজেপি দলৰ প্রার্থী ডাঃ নোমল মমিনৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে কার্বি ছাত্ৰ সন্থাকে ধৰি জিলাখনৰ কেইবাটাও সংগঠন।
আজি ডিফুত এক সংবাদমেলৰ আয়োজন কৰি সংগঠনকেইটাই বোকাজানৰ বিজেপি দলৰ প্রার্থীগৰাকীৰ বিৰুদ্ধে সমালোচনাত সৰৱ হৈ পৰাৰ লগতে ডাঃ নোমল মমিনক পৰাস্ত কৰাৰ স্বার্থতে বোকাজানৰ কংগ্রেছ দলৰ প্রার্থী ৰতন ইংতিলৈ মুকলি সমর্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।
কার্বি ছাত্র সন্থাৰ সভাপতি চেমিয়ন ৰংফাৰে আজিৰ সংবাদমেলত উল্লেখ কৰা অনুসৰি ২০১৬ চনতে বোকাজানৰ পৰা বিধানসভালৈ নির্বাচিত হোৱা বিধায়ক ডাঃ নোমল মমিনে বিগত সময়ছোৱাত কেৱল জনজাতি আৰু অ-জনজাতিসকলৰ মাজত বিভাজন সৃষ্টি কৰাৰ চেষ্টা কৰি আহিছে।
জনজাতি আৰু অ-জনজাতিসকলৰ মাজত এক বিশৃংখলতাৰ সৃষ্টি কৰি এইসকল লোকক ভাগ ভাগ কৰাৰ চেষ্টাত বিধায়কগৰাকী লিপ্ত থকাৰ অভিযোগ উত্থাপন কৰি বিধায়কগৰাকীক স্বৰূপ চিনি বোকাজান সমষ্টিৰ ভোটাৰসকলক ভোটদানৰ ক্ষেত্রত সিদ্ধান্ত গ্রহণৰ আহ্বান জনায়।
ডাঃ মমিনক এগৰাকী সাম্প্রদায়িক নেতা বুলি অভিহিত কৰি জিলাখনৰ খিলঞ্জীয়া লোকসকলে স্বায়ত্বশাসিত ৰাজ্য গঠনৰ নামত আন্দোলন কৰি ত্যাগ স্বীকাৰ কৰি অহাৰ সময়তে বিধায়কগৰাকীয়ে এইসকল লোকৰ মাজত ভাগ ভাগ পৰিবেশৰ সৃষ্টি কৰা বুলি মন্তব্য কৰে। এই নির্বাচনতে এক পৰিবর্তনৰ জৰিয়তে এনে সাম্প্রদায়িক নেতা যাতে পুনৰ বিধানসভালৈ নির্বাচিত হোৱাৰ সুযোগ নাপায় তাৰ ব্যৱস্থা গ্রহণ কৰাৰ আহবান জনায়।
ইয়াৰ বিপৰীতে বোকাজানৰ বিজেপি দলৰ প্রার্থী ডাঃ নোমল মমিনক পৰাস্ত কৰাৰ স্বার্থতে সংগঠনসমূহে বোকাজানৰ কংগ্রেছ দলৰ প্রার্থী ৰতন ইংতিলৈ মুকলি সমর্থন আগবঢ়োৱাৰ কথা সংবাদমেলযোগে সদৰি কৰে। ডাঃ মমিনক পৰাজিত কৰাৰ বাবেই সমষ্টিটোৰ অন্য দলৰ সমর্থকসকলকো কংগ্রেছ দলৰ প্রার্থী ৰতন ইংতিৰ সমর্থনত ভোটদান কৰাৰ বাবে আহবান জনায়।
আনহাতে, মনোনয়ন পত্র প্রত্যাহ্বান কাইলে অন্তিম দিন হোৱাৰ পৰিপ্রেক্ষিতত বাকী দলৰ প্রার্থীসকলক কাইলৈৰ ভিতৰত মনোনয়ন প্রত্যাহাৰ কৰি কংগ্রেছ দলৰ প্রার্থী ৰতন ইংতিৰ বিজয়ৰ পথ সুগম কৰাৰ বাবে আহ্বান জনায়। প্রসংগক্রমে উল্লেখযোগ্য যে, পাহাৰীয়া জিলাকেইখনৰ আটাইকেইটা সমষ্টিতে বিজেপি দলৰ প্রার্থীক জয়যুক্ত কৰোৱাৰ লক্ষ্যৰে বিজেপি দলে নির্বাচনী প্রচাৰ আৰম্ভ কৰাৰ সময়তে জিলাখনৰ দল-সংগঠনসমূহৰ এনে স্থিতি বিশেষ গুৰুত্বপূর্ণ বিবেচিত হৈছে বিশেষকৈ, পার্বত্য জিলাকেইখনৰ পাঁচটাকৈ বিধানসভা সমষ্টিৰ ভিতৰত ক্রমাগতভাৱে দ্বিতীয়বাৰৰ বাবে বিজেপি দলৰ হৈ প্রাথিত্ব লাভ কৰা একমাত্র বিধায়কগৰাকীয়ে হৈছে বোকাজানৰ বিধায়ক ডাঃ নোমল মমিন।
বিগত সময়ছোৱাত বোকাজান সমষ্টিত ব্যাপক উন্নয়ন সাধন কৰি অহা বুলি দাবী কৰি অহা বিধায়কগৰাকীয়ে এইবাৰো দলীয় প্রার্থিত লাভ কৰাৰ পিছতে সমষ্টিটোৰ চুকে-কোণে গৈ নিৰ্বাচনী প্রচাৰত দিনে নিশাই ব্যস্ত হৈ পৰা বুলি জানিব পৰা গৈছে।
এনে এক পৰিস্থিতিত জিলাখনৰ কেইবাটাও সংগঠনে গ্রহণ কৰা এনে বিপৰীত স্থিতিৰ পৰিপ্ৰেক্ষিতত আগত সময়ছোৱাত বোকাজন বিধানসভা সমষ্ঠিৰ নির্বাচনী পৰিৱেশত কেনে প্রভাৱ পেলায় সি গুৰুত্বপূর্ণ বিবেচিত হৈছে।
আজিৰ সংবাদমেলখনত কাৰ্বি ছাত্র সন্থাৰ লগতে কাৰ্বি আংলং উইমেন জাষ্টিছ ফৰাম, ষ্টুডেন্ট ইয়ুথ কাউন্সিল, এছ ৱাই জে, ইউনাইটেড কাৰ্বি আলং উইমেন এছ’চিয়েছন আদি সংগঠনৰ নেতৃবৰ্গ উপস্থিত আছিল ৷












