![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : অহা এক এপ্রিলত নির্বাচন অনুষ্ঠিত হ’বলগীয়া ১৯নং ডিফু বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্রার্থী বিদ্যাছিং ইংলেঙৰ সমর্থনত নির্বাচনী প্রচাৰৰ উদ্দেশ্যে কালি সন্ধিয়া বকলীয়াথাটত এলেকাটোৰ বিশিষ্ট ব্যক্তিসকলৰ সৈতে এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হয় জিলাখনৰ বিজেপি দলৰ শীর্ষ নেতৃবর্গ। বকলীয়াঘাটৰ নেশ্যনেল ইংলিছ একাডেমীত অনুষ্ঠিত হোৱা উক্ত সভাখনত উপস্থিত থাকি ডিফুৰ সাংসদ হৰেণছিং বে’, কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, বিজেপি দলৰ ডিফু সমষ্টিৰ প্রার্থী বিদ্যাছিং ইংলেং লাংফেৰ পৰিষদীয় সদস্য ৰামছিং তিমুং আদিয়ে সভাত উপস্থিত ৰাইজৰ সৈতে মত বিনিময় কৰে। সভাৰ অন্তত সাংবাদিকৰে হোৱা বার্তালাপত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে বকলীয়াঘাটৰ জোষ্ঠ-বিশিষ্ট নাগৰিকসকৰ পৰা আশীর্বাদ লোৱাৰ উদ্দেশ্যে বকলীয়াঘাটত মিলিত হোৱা বুলি মন্তব্য কৰে।

আনহাতে, সাংসদ হৰেণছিং বেই সাংবাদিকৰে হোৱা বার্তালাপত দলটোৰ পূর্বৰ বিধায়ক চুম ৰংহাঙে বিজেপি দলৰ মজিয়াৰ পৰা বিধানসভা নির্বাচনত বিজয়ী হৈ কেবিনেট মন্ত্রীৰ পদ লাভ কৰাৰ পিছতো এলেকাটোধ উন্নয়নত ব্যর্থ হোৱাৰ লগতে ৰংহাঙ গণবিচ্ছিন্ন হৈ পৰাৰ ফলতেই দলে টিকটৰ পৰা বঞ্চিত কৰা বুলি মন্তব্য কৰে।
আনহাতে, বিজেপি চবকাৰৰ শাসনকালত সমাজৰ সকলো শ্রেণীৰ ৰাইজে লাভ কৰা সুবিধাসমূহেই দলটোৰ মূল শক্তি বুলি মন্তব্য কৰি ইয়াৰ ফলতে ৰাইজৰ আশীর্বাদত বিজেপি দলেই ৰাজ্যত পুনৰবাৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব বুলি দাবী কৰে।













