![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কার্বি আংলঙৰ ৰাষ্ট্রীয় ঘাইপথসমূহক অন্যতম গুৰত্বপূর্ণ কৰিডৰ হিচাপে ব্যবহাৰ কৰি আন্তঃৰাষ্ট্ৰীয় ড্রাগছ ব্যৱসায়ী চক্রই নিচাযুক্ত সামগ্রী সৰবৰাহৰ চেষ্টা অব্যাহত ৰখাৰ সময়তে কাৰ্বি আংলং জিলাৰ ডিলাই আৰক্ষীয়ে আজি বিয়লি অভিযান চলাই বুজন পৰিমাণৰ নিচাযুক্ত সামগ্রীসহ চাৰিটাকৈ ড্রাগছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ঘটনাৰ বিৱৰণ অনুসবৰ, এক গোপন সূত্রৰ পম খেদি ডিলাই থানাৰ ভাৰপ্রাপ্ত বিষয়া বিতোপন চুতীয়া আৰু সহকাৰী উপ-পৰিদর্শক জীতেন গগৈৰ নেতৃত্বত আৰক্ষীৰ এটা দলে আজি বিয়লি ডিলাই তিনিআলিত তালাচী অভিযান আৰম্ভ কৰে।
উক্ত অভিযানৰ সময়তে বিয়লি প্রায় তিনি বজাত এএছ-০১-কেচি-৫৪৩৬ নম্বৰৰ ট্রাকখনত নিশ্চিদ্র তালাচী চলোৱাৰ অন্তত বাহনখনৰ পৰা ১ কিঃ গ্রাঃ মৰফিন আৰু ৩ কিঃ গ্রাঃ ক্রিষ্টেল অথবা শ্যাবু (প্রথম শ্রেণীৰ মেথামফেটামিন) উদ্ধাৰ কৰিবলৈ সক্ষম হয়। নিচাযুক্ত সামগ্রীসমূহ গুৱান্যুয়িনৱাং ব্ৰেণ্ডৰ চাহপাতৰ পেকেটত ভৰাই লুকুৱাই অনা হৈছিল বুলি জানিব পৰা গৈছে। এই সংক্রান্তত আৰক্ষীয়ে ড্রাগছ সৰবৰাহৰ অভিযোগত তিনি অভিযুক্তক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ধৃত সৰবৰাহকাৰীকেইটা শিৱসাগৰৰ বৰঘাট থানাৰ অন্তর্গত নলনি পথাৰ নিবাসী মনোজ কোঁৱৰ (৩১), বিহাৰৰ সমষ্টিপুৰ জিলাৰ নীৰজ কুমাৰ যাদব (২৮) আৰু কামৰূপ মেট্রৰ পাথৰকুচিৰ পিংকু শর্মা বুলি চিনাক্ত কৰা হৈছে।
আনহাতে, নিচাযুক্ত সামগ্রীসমূহ সৰবৰাহ কৰি দিয়াৰ বাবে ধন সংগ্রহ কৰা আন এটা সহযোগীকো এএছ-২৫-ইচি-২৩২৭ নম্বৰৰ ট্রাকখনৰ পৰা আটক কৰা হয়। ধৃত আনটো সহযোগী ডিমা হাচাও জিলাৰ মাহ’ৰৰ গোপী চোনাৰ (২৭) বুলি চিনাক্ত কৰা হৈছে।












