![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কংগ্ৰেছৰ মহাজোঁটত চামিল হ’ব নোৱাৰি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰে মিত্ৰতা কৰা কার্বি আংলঙৰ আঞ্চলিক ৰাজনৈতিক দল অটনমাছ স্টেট ডিমাণ্ড কমিটি চমুকৈ এএছডিচিয়ে আজি দলটোৰ নির্বাচনী ইস্তাহাৰ মুকলি কৰিছে। আজি বিয়লি প্রায় চাৰি বজাত দলটোৰ ডিফুস্থিত মুখ্য কার্যালয়ত এক সংবাদমেলৰ আয়াজন কৰি নিৰ্বাচনী ইস্তাহাৰৰ আনুষ্ঠানিকভাবে মুকলি কৰে এএছডিচি দলৰ সাধাৰণ সম্পাদক সোণাছিং তেৰাঙ, ডেনিয়েল টেৰণ আৰু সঞ্জয় কিলিঙে। দলটোৰ নির্বাচনী ইস্তাহাৰত সমাগত নির্বাচনত জয়লাভ কৰিবলৈ সক্ষম হ’লে দলটোৱে হাতত ল’বলগীয়া কার্যসূচী সম্পর্কে উল্লেখ কৰা হয়।
নির্বাচনী ইস্তাহাৰত উল্লেখ কৰা অনুসৰি দলটোৱে স্বায়ত্তশাসিত ৰাজ্য গঠন, কা’ৰ বিৰোধিতা, কৃষি আইনৰ বিৰোধিতা, অনুপ্রৱেশ ৰোধ, স্বায়ত্তশাসিত পৰিষদৰ হৃত ক্ষমতা পুণৰুদ্ধাৰ, পৰিষদে নিজাববীয়াকৈ টেট অনুষ্ঠিত কৰা, পার্বত্য এলেকাৰ উগ্রপন্থী সমস্যাৰ ৰাজনৈতিক সমাধান, দুর্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি, কাৰ্বি আংলঙৰ মাটি কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ অন্তর্ভুক্তিৰ বিৰোধিতা, ডিফু চিকিৎসা মহাবিদ্যালয়ৰ পঞ্চাশ শতাংশ আসন কার্বি আংলঙৰ শিক্ষার্থীৰ বাবে সংৰক্ষণ, ডিফু চিকিৎসা মহাবিদ্যালয়ক স্বায়ত্তশাসিত পৰিষদৰ অধীনলৈ অনা, নিয়োগ সৃষ্টি, চাকৰিৰ কিনা-বেচা বন্ধ কৰা, অসম বিশ্ববিদ্যালয়ব ডিফু চৌহদক পূর্ণাংগ বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ, অনুপ্রৱেশ ৰোধ কৰাকে ধৰি কেতবোৰ গুৰত্বপূর্ণ কর্ম আঁচনিৰ কথা উল্লেখ কৰে ৷
সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত এএছডিচিৰ সাধাৰণ সম্পাদক ডেনিয়েল টেৰণে কয় যে, জিলাখনৰ বাবে কংগ্ৰেছ বিজেপি সমান বিপদজনক ৷ মন্ত্ৰী ছুম ৰংহাঙ বিজেপিৰ মন্ত্ৰীহৈ সদ্য কংগ্ৰেছত যোগদান কৰাৰ বিপৰীতে বিদ্যাছিং ইংলেং কংগ্ৰেছৰ উপ-সভাপতি পদত থাকি বৰ্তমান বিজেপি প্ৰাৰ্থী হৈছে৷ ওপৰৰ স্তৰত দুয়োৰে স্থিতি ঠিক থাকিলেও তৃণমূল পৰ্যায়ত স্থিতি কেনে আছে সেয়া ৰাইজেহে জানে ৷ ৰাইজৰ দল আৰু এজেপিৰ সমৰ্থনপুষ্ট এএছডিচিয়ে ঘৰে ঘৰে প্ৰচাৰ চলাই ভোটাৰ ৰাইজৰ সমাদৰ লাভ কৰাৰ লগতে চাৰিওটা সমষ্টিতে এএছডিচিৰ বিজয় নিশ্চিত বুলি কয় ৷












