![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তুঙ্গত উঠিছে কাৰ্বি পাহাৰৰ নিৰ্বাচনী গৰম বতাহ । জিলাখনৰ চাৰিওটা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী জয়যুক্ত কৰিবলৈ উঠি পৰি লাগিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ নেতৃত্বাধীন টিম কাৰ্বি আংলং । কঁকালত টঙালি বান্ধি নামি পৰিছে নিৰ্বাচনৰ মহাযুদ্ধত । উল্লেখযোগ্য যে, কৰকাণ্ঠি মণ্ডল বিজেপি সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে দংকাচিণ্ঠু খেলপথাৰত ১৮নং হাওৰাঘাট বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থি দৰছিঙ ৰংহাঙৰ সমৰ্থনত অনুষ্ঠিত হয় এক বিশাল নিৰ্বাচনী সমাবেশ।

কৰকাণ্ঠি মণ্ডল বিজেপিৰ সভাপতি দলৈ ইংতিৰ সভাপতিত্বত অনুষ্ঠিত বিশাল সমাবেশত কৰকাণ্ঠি পৰিষদীয় সমষ্টিৰ ২৯২টা পৰিয়ালে কংগ্ৰেছ, এ এছ ডি ছি, এ পি এইছ এল ছি ত্যাগ কৰি বিজেপি দলত যোগদান কৰে । সভাত কেইবাগৰাকীও বক্তাৰ লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কংগ্ৰেছ আৰু অন্যান্য দলসমূহক তুলাধুনা দিয়ে ।
সভাত প্ৰাক্তন বিধায়ক ডা: মানছিঙ ৰংপি, কাৰ্যবাহী সদস্যদ্বয় ৰাজু তিচ্ছ আৰু লুনছিঙ টেৰণ, ডকমকা পৌৰসভাৰ অধ্যক্ষ বীৰেনছিঙ টেৰণ, ডিফু সমষ্টিৰ প্ৰাৰ্থী বিদ্যাছিঙ ইংলেঙ আৰু বিজেপিৰ নেতা কৰ্মীসকল উপস্থিত থাকে । সাংবাদিকৰে হোৱা এক বাৰ্তালাপত পাহাৰীয়া জিলাখনত চাৰিওটা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী জয়যুক্ত হোৱাতো নিশ্চিত বুলি মন্তব্য কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে।












