![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ৰাজ্যজুৰি নির্বাচনী প্রচাৰৰ কার্যসূচীয়ে গতি ল’বলৈ আৰম্ভ কৰাৰ সময়তে কাৰ্বি আংলং জিলাত আজি কংগ্রেছ দলৰ কেইবাগৰাকী শীর্ষনেতাকে ধৰি বিভিন্ন দলৰ দুই শতাধিক লোকে নিজ নিজ দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিছে। নির্বাচনৰ প্রাকমূহুর্তত বিজেপি দলৰ হাত শক্তিশালী কৰি বিজেপি দলত যোগদান কৰাসকলৰ ভিতৰত মূলতঃ কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্রাক্তন কার্যবাহী সদস্য সূৰ্য ৰংফাৰ, ভুপেন হাঞ্চু, প্রাক্তন পৰিষদীয় সদস্য ৰাম ৰতন নাহক, অগপ নেতা ধন ডেৰা, ধনছিং ৰংপি, প্রাক্তন ভিডিচি অধ্যক্ষ ক্রমে পীয়ুষ মজুমদাৰ, বৰছিং ইংতি, বোকাজানৰ জ্যেষ্ঠ কংগ্রেছ নেতা চন্দ্র কাথাৰ আদি বিশেষভাৱে উল্লেখযোগ্য। নতুনকৈ বিজেপি দলত যোগদান কৰা নেতা-কর্মীসকলক দলৰ মজিয়ালৈ আদৰণি জনোৱাৰ উদ্দেশ্যে আজি জিলা বিজেপিৰ কার্যালয়ত অনুষ্ঠিত হোৱা এক সভাত ভাষণ প্রদান কৰি কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে বিজেপি চৰকাৰৰ কাম কাজত সন্তুষ্ট হোৱাৰ বাবেই আৰু বহুসংখ্যক লোকে এইবাৰ দলত যোগদান কৰিব বুলি আশা প্রকাশ কৰে। সাংসদ হৰেণছিং বে এই সভাত ভাষণ প্রদান কৰি বিজেপি চৰকাৰে হাতত লোৱা জনকল্যাণমূলক আঁচনিসমূহ সম্পর্কে ব্যাখ্যা আগবঢ়ায়।

বোকাজানৰ বিধায়ক ডাঃ নোমল মমিনে সভাখনত ভাষণ প্রদান কৰি সমষ্টিটোৰ জ্যেষ্ঠ কংগ্রেছ নেতাসকলৰ আগমণে বিজেপি দলত ভেটি অধিক শক্তিশালী কৰিব বুলি আশা প্রকাশ কৰে। কংগ্রেছ দলৰ বোকাজানৰ প্রার্থী ৰতন ইংতিক কঠোৰ ভাষাৰে সমালোচনা কৰি বিধায়কগৰাকীয়ে পৰিষদীয় নির্বাচনত জয়লাভ কৰিবলৈ সক্ষম নোহোৱা ৰতন ইংতিৰ বাবে বোকাজানত বিজয় কোনো কাৰণতে সম্ভৱপৰ নহয় বুলি মন্তব্য কৰে। বিজেপি দলৰ পৰা বিধানসভালৈ নির্বাচিত হৈ কেবিনেট মন্ত্রী পদ লাভ কৰাৰ পিছতো দলৰ টিকট নোপোৱাৰ পিছতে কংগ্রেছলৈ ঢাপলি মেলা বুলি উল্লেখ কৰি ডিফুৰ কংগ্রেছ প্রার্থী চুম ৰংহাঙক গদ্দাৰ বুলি অভিহিত কৰি এই নির্বাচনত চুম ৰংহাং শোচনীয় পৰাজয়ৰ সন্মুখীন হৈ ৰাজনীতিৰ পৰা সন্ন্যাস ল’ব লাগিব বুলি সভাত মন্তব্য কৰে। সভাখনত জিলা বিজেপিৰ সভাপতি ধনছিং টেৰণ, ডিফুৰ বিজেপি দলৰ প্রার্থী বিদ্যাছিং ইংলেঙকে ধৰি ভালেসংখ্যক দলীয় নেতা কর্মী উপস্থিত থাকে।

আনহাতে, উক্ত সভাৰ পিছতে আজি এক সংবাদমেলৰ আয়োজন কৰি বিজেপি দলৰ বোকাজানব প্রার্থী ডাঃ নোমল মমিনে যোৱা পাঁচ বছৰত বিধায়ক হিচাপে নিজা সমষ্টিত তিনি লাখ কিঃমিঃতকৈ অধিক পথ পৰিভ্ৰমণ কৰি সমষ্টি উন্নয়নৰ বাবে নিজকে নিয়োগ কৰা বুলি দাবী কৰি বিগত সময়ছোৱাত বোকাজান সমষ্টিত বাট-পথ, শিক্ষানুষ্ঠান আদিৰ ক্ষেত্রত প্রভৃত উন্নয়ন সাধন হোৱা বুলি মস্তব্য কৰে।
ইয়াৰ পৰিণতিতে সমষ্টিটোত এতিয়াও কংগ্রেছ দলৰ বহু কার্যালয় তলাবন্ধ অৱস্থাত দেখিবলৈ পোৱা গৈছে বুলিও প্রার্থীগৰাকীয়ে কংগ্রেছ দলক কটাক্ষ কৰে ।

আনহাতে, আজি বিজেপি দলৰ কপিলী পৰিষদীয় সমষ্টিৰ পৰিষদীয় সদস্য পবন কুমাৰেও আন এক সুকীয়া সংবাদমেলৰ আয়োজন কৰে। প্রসংগক্রমে উল্লেখ যে, বিজেপি দলৰ তৰফৰ পৰা যোৱাটো নির্বাচনত পৰিষদলৈ তিনিটাকে পৰিষদীয় সমষ্ঠিৰ পৰা তিনিগৰাকী অ-জনজাতীয় প্রার্থী পৰিষদলৈ নির্বাচিত হৈছিল। তেতিয়াই ধনছিং ডেৰা নামৰ এজন লোকে কপিলী পৰিষদীয় সমষ্টিৰ প্রার্থী পৱন কুমাৰৰ প্রার্থিত্বৰ সন্দর্ভত বৈধতাৰ প্রশ্ন উত্থাপন কৰি এক গোচৰ ৰুজু কৰিছিল। আজি ডেৰাই আনুষ্ঠানিকভাবে বিজেপি দলত যোগদান কৰাৰ পিছতে কপিলীৰ পৰিষদীয় সদস্য পবন কুমাৰৰ সৈতে এক সংবাদমেলৰ আয়োজন কৰি পৱন কুমাৰৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ প্রত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱা বুলি সদৰি কৰে।

অবশ্যে, আন দু্গৰাকী অ-জনজাতীয় পৰিষদীয় সদস্য ক্রমে মাধুর্য ঢেকীয়াল ফুকন আকু মুকুট মহন্তৰ বিৰৱদ্ধে একেই গোচৰ বর্তমানেও আদালতৰ বিচাৰাধীন অৱস্থাত আছে।













