![]()
ছাইদুল ইছলাম
ডিফু : কার্বি আংলঙৰ মাজেৰে পাৰ হৈ যোৱা উত্তৰ-পূৱ সংযোগী ৰাষ্ট্রীয় ঘাইপথেৰে আন্তঃৰাজ্যিক গাড়ীচোৰ চক্রই দেশৰ বিভিন্ন প্রান্তৰ পৰা চুৰ কৰি অনা বাহনসমুহ সৰবৰাহ কৰি অহাৰ বিপৰীতে যোৱা কেইটামান বছৰত এনে গাড়ীচোৰ চক্রৰ বিৰুদ্ধে শক্তিশালী প্রতিৰোধ গঢ়ি তুলিবলৈ সক্ষম হৈছে। আৰক্ষীৰ এনে অভিযানত বহু লাখটকীয়া বিলাসী বাহনকে ধৰি বুজন সংখ্যক চুৰি বাহন জব্দ হোৱাৰ লগতে গাড়ীচুৰিৰ সৈতে জড়িত এক বৃহৎসংখ্যক অপৰাধীকো আৰক্ষীয়ে হাতে লুটে জালত পেলাবলৈ সক্ষম হৈছে।

বিগত সময়ছোৱাত চুৰি বাহন উদ্ধাৰ কৰি গাড়ীচোৰ চক্রৰ বিৰুদ্ধে একপ্রকাৰ সন্ত্ৰাসৰ সূচনা কৰা কার্বি আংলং জিলা আৰক্ষীৰ কেইবাগৰাকী বিষয়াক আজি এইছডিএফচি এবগ জেনেৰেল ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন লিমিটেডৰ পৰা বিশেষভাবে সম্বর্ধনা জনোবা হয়। আজি কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষকৰ কার্যালয়ত উপস্থিত হৈ জীৱন বীমা সংস্থাটোৰ উপাধ্যক্ষ জীৱন বাটছাই জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী, উপ-আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মা, মাঞ্জা থানাৰ ভাৰপ্রাপ্ত বিষয়া জিতুমণি ডেকাক সম্বর্ধনা জনায়। অনুষ্ঠানটোত অসম আৰক্ষীৰ চেন্ট্রেল ৰেঞ্জৰ ডিআইজি সত্যজিত হাজৰিকাকো জিলা আৰক্ষী অধীক্ষকৰ জৰিয়তে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷












