![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : আজি মাঞ্জা থানাৰ অন্তৰ্গত চিলনী বনভোজ থলীৰ কাষৰ নদীত এটি অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি লংনিটৰ স্থানীয় লোকে আজি বিয়লি ৪ মান বজাত লংনিটৰ ওচৰত থকা চিলনী বনভোজ থলীৰ কাষৰ নদীত এটি অচিনাক্ত যুৱকৰ মৃতদেহ থকা সম্ভেদ লাভ কৰে ৷ সম্ভেদ লাভ কৰি মাঞ্জা আৰক্ষীয়ে ঘটনাস্থলীৰ মৃতদেহটো উদ্ধাৰ কৰি মৃতদেহৰ দণ্ডাধীশৰ দ্বাৰা চুৰৎহাল কৰাই মৰণোত্তৰৰ ব্যৱস্থা কৰে ৷ মৃতদেহটি চিনাক্ত নোহোৱালৈকৈ মৰণোত্তৰৰ পিছত মৰ্গত ৭২ ঘণ্টাৰ বাবে সংৰক্ষণ কৰা হ’ব বুলি জনায় ৷
আনহাতে মৃতদেহটোৰ কঁপালত আঘাতৰ চিন স্পষ্ট থকালৈ লক্ষ্য কৰি আৰক্ষীয়ে এয়া হত্যাকাণ্ড হোৱাৰো সন্দেহ প্ৰকাশ কৰিছে ৷ অচিনাক্ত যুৱকৰ মৃতদেহটো ছাৰ্ট আৰু লংপেণ্ট পৰিহিত৷













