![]()
ছাইদুল ইছলাম
ডিফু : দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ১৭নং বোকাজান সমষ্টিৰ বাবে প্ৰাৰ্থীত্ব আগবঢ়োৱা ডাঃ নোমল মমিনৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কাৰবি আংলং জিলাৰ দল-সংগঠন ৷ যোৱা ১৬ মাৰ্চত ডাঃ নোমল মমিনৰ বিৰুদ্ধে কেএছএকে ধৰি ৬টা জাতীয় সংগঠনে বোকাজানৰ বিজেপি প্ৰাৰ্থী ডাঃ মমিনৰ বিৰুদ্ধে ভোট প্ৰদান কৰি ৰতন ইংতিক কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰাৰ মুকলি সমৰ্থন দিয়াৰ পিছতে আজি কনভেনিং কমিট্ ফৰ ইউনিফিকেছন চমুকৈ চিচিইউৱে ডিফুস্থিত জিলা প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰি ডাঃ মমিনৰ বিপক্ষে স্থিতি গ্ৰহণ কৰে ৷
আজিৰ সংবাদমেলত চিচিইউৰ মুখ্য আহ্বায়ক ছায়চিং ৰংপি আৰু উপ-আহ্বায়ক ৰবিন্দ্ৰ ৰংপিয়ে কয় যে, ধুমকেতুৰ দৰে আভিৰ্ভাৱ হোৱা ডাঃ নোমল মমিনক বিজেপিয়ে বোকাজানৰ বিধায়ক হিচাপে নিৰ্বাচিত কৰি অনাটো ঠিক সিদ্ধান্ত নাছিল ৷ ডাঃ মমিনে তেওঁৰ কাৰ্যকালত উন্নয়ণৰ ফালে পিঠি দি কেৱল সাম্প্ৰদায়িক ৰাজনীতিত লিপ্ত আছিল ৷ তেওঁৰ কৰ্ম পন্থাৰ জৰিয়তে কাৰবি আংলঙৰ জাতি-জনগোষ্ঠীৰ মাজত কেৱল বিভাজনমুখী ৰাজনীতিৰ ছবিখনহে প্ৰতিফলিত হৈছে বুলি অভিযোগ কৰে ৷
বিজেপিৰ বিধায়ক ডাঃ নোমল মমিনে কাৰবি আংলঙত বসবাস কৰা অনান্য ক্ষুদ্ৰ জনগোষ্ঠীসমূহৰ বাবে আঞ্চলিক পৰিষদ গঠন কৰাৰ বাবে ৰাজ্যপালৰ দ্বাৰস্থ হোৱা কাৰ্যও বিভাজনমুখী ৰাজনীতিৰ উদাহৰণ বুলি কয় নেতাদ্বয়ে ৷ কেৱল বাট-পথৰ উন্নয়ণ হোৱা বুলি দাবী কৰা ডাঃ মমিনে গ্ৰামাঞ্চলৰ দুৰ্গম এলেকাৰ বাট-পথ, শিক্ষাৰ আৰু আৰ্থ-সামাজিকৰ কিমান উন্নয়ণ হৈছে বুলি প্ৰশ্ন কৰে ৷ সেয়ে এইবাৰ বোকাজানবাসী ভোটাৰ ৰাইজক ডাঃ নোমল মমিনৰ বিৰুদ্ধে ভোটদান কৰিবলৈ চিচিইউৱে আহ্বান জনায় ৷












