![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰবি আংলঙত কংগ্ৰেছ আৰু বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে ৷ ৯নং ডিফু (জনজাতীয়) বিধানসভা সমষ্টিৰ অন্তৰ্গত লাংফেৰ পৰিষদীয় সমষ্টি এলেকাত আজি কংগ্ৰেছ আৰু বিজেপি উভয় দলেই ব্যাপক নিৰ্বাচনী প্ৰচাৰেৰে শক্তি প্ৰদৰ্শনৰ চেষ্টা চলায়। আজি পুৱাৰ ভাগত বিজেপিৰ ডিফু সমষ্টিৰ প্ৰাৰ্থী বিদ্যাছিং ইংলেঙৰ নেতৃত্বত লাংফেৰ সমষ্টিক সামৰি এক মটৰচাইকেল শোভাযাত্ৰা উলিওৱা হয় । প্ৰায় দুই শতাধিক মটৰচাইকেলেৰে উলিওৱা এই ৰেলীৰ শুভাৰম্ভ কৰি বিজেপিৰ ডিফুৰ প্ৰাৰ্থী বিদ্যাছিং ইংলেঙে বিজয় নিশ্চিত বুলি দাবী কৰে ।

আনহাতে লাংফেৰৰ ৰজাপথাৰ তিনিআলিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিজেপি দলৰ সমালোচনাত সৰৱ হৈ পৰে ডিফুৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী চুম ৰংহাং। তুলিৰাম ৰংহাং আৰু বিদ্যাছিং ইংলেঙক দুৰ্নীতিগ্ৰস্ত বুলি অভিহিত কৰি এইবাৰৰ নিৰ্বাচনত জিলাখনৰ আটাইকেইটা আসনতে বিজেপি দলৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত বুলি দাবী কৰে। দলটোৰ কাম কাজত অসন্তুষ্ট জিলাবাসীয়ে এইবাৰ কংগ্ৰেছ দলৰ সমৰ্থনত ভোট দি পহিলা এপ্ৰিলতে বিজেপিৰ পদুম ফুলক এপ্ৰিল ফুললৈ পৰ্যবসিত কৰিব বুলি মন্তব্য কৰে। কংগ্ৰেছ দলৰ চৰকাৰ গঠন হ’লেই দুৰ্নীতিগ্ৰস্ত স্বায়ত্তশাসিত পৰিষদৰ দুৱাৰত তলা ওলমোৱা হ’ব বুলিও লগতে হুংকাৰ দিয়ে চুম ৰংহাঙে।

আনহাতে পশ্চিম কাৰ্বি আংলঙত আজি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু সাংসদ হৰেণছিং বে’ই হেলিকপ্টাৰেৰে বিজেপি দলৰ প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলোৱা বুলি জানিব পৰা গৈছে।












