![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : শুকুৰবাৰে মাঞ্জাৰ নিকটৱৰ্তী লংনিট নদীৰ পানীত উদ্ধাৰ হোৱা অচিনাক্ত যুৱকৰ মৃতদেহ চিনাক্ত কৰা হৈছে ৷ মৃতদেহ চিনাক্ত হোৱাৰ পিছত ঘটনাই নতুন মূৰ লৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি বন্ধুৰ সৈতে পূৰ্বে হোৱা এক সামান্য কাজিয়াৰ পৰিণতিতে কাৰ্বি আংলং জিলাৰ মাঞ্জাত শেহতীয়াকৈ এক শিহৰণকাৰী হত্যাকাণ্ড সংঘটিত হোৱাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ।
উল্লেখযোগ্য যে যোৱা ১৯ মাৰ্চৰ বিয়লি মাঞ্জা আৰক্ষীয়ে লংনিট নৈত পৰি থকা অৱস্থাত এগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ কৰে। কপালত আঘাতৰ চিন থকা মৃতদেহটো পিছত বকলীয়াঘাট থানাৰ অন্তৰ্গত বাৰলং টকবি গাঁৱৰ জয়ৰাম টকবিৰ পুত্ৰ দিলীপ টকবি (১৯) বুলি চিনাক্ত কৰা হয়।
আনহাতে মৃত যুৱকজনৰ ভাতৃৰ এজাহাৰৰ ভিত্তিত মাঞ্জা থানাত ১৮/২১ নম্বৰত আৰক্ষীয়ে এক গোচৰো পঞ্জীয়ন কৰে। পিছত আৰক্ষীয়ে তদন্তত লাভ কৰা তথ্য অনুসৰি ১৮ মাৰ্চত হত্যাৰ বলি হোৱা যুৱকজনে জনৈক ৰংপিৰ ঘৰত আয়োজিত এক বিবাহ অনুষ্ঠানত অংশ লৈ আছিল। এনেতে দুজন বন্ধুৰ সৈতে যুবকজনে গুটখা ক্ৰয়ৰ বাবে বিবাহ বাহৰৰ পৰা ওলাই অহাৰ পিছৰে পৰা নিখোজ হৈ পৰে । স্থানীয় লোকৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে তদন্ত চলাই বকলীয়াঘাট আৰক্ষীৰ সহযোগত উক্ত হত্যাকাণ্ডত জড়িত দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত যুৱক দুজন ক্ৰমে জিলাখনৰ বকলীয়াঘাট থানাৰ অন্তৰ্গত বাৰলং টকবি গাঁৱৰ ৰঞ্জিত তিচ’ (১৯) আৰু ডিফু পাঁচ কিলোৰ বৰছিং হাঞ্চে গাঁৱৰ বিদ্যাছিং ক্ৰ’ (২০) বুলি চিনাক্ত কৰা হৈছে ।
ধৃত দুই অভিযুক্তই আৰক্ষীক দিয়া স্বীকাৰোক্তি অনুসৰি যোৱা ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা কাৰ্বি যুৱ মহোৎসৱ সময়তে হত্যাৰ বলি হোৱা দিলীপ টকবিয়ে অভিযুক্ত বিদ্যাছিং ক্ৰ’ৰ ভাতৃৰ পৰা জোৰ জুলুমকৈ ধন আদায় কৰিছিল। তেতিয়াৰে পৰা মৃত দিলীপৰ বিৰুদ্ধে আক্ৰোশ পুহি ৰখাৰ পিছত যোৱা ১৮ মাৰ্চত সুযোগ বুজি প্ৰতিশোধৰ নামত শিলেৰে মূৰত কোবাই দিলীপক নৃশংসভাৱে হত্যা কৰে । আৰক্ষীয়ে দুই হত্যাকাৰীক ইতিমধ্যে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।













