![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰবি আংলং জিলা আইন সেৱা প্ৰাধিকৰণ চমুকৈ ডিএলএছএৰ উদ্যোগত আজি এগৰাকী ধৰ্ষিতাক ৫ লাখ টকাৰ সাহায্য প্ৰদান কৰা হয় ৷ ডিএলএছএৰ এক সুত্ৰৰ পৰা জানিব পৰা অনুসৰি আজি ডিফুস্থিত কাৰ্বি আংলং জিলা ও সত্ৰ ন্যায়াধীশৰ আদালত প্ৰাঙ্গনত ভুক্তভোগী ধৰ্ষিতাক এই সাহায্য প্ৰদান কৰা হয় ৷ ২০১৬ চনত সংঘটিত হোৱা এক ধৰ্ষণৰ ঘটনাত ধৰ্ষিতা হৈছিল ভুক্তভোগীগৰাকী ৷ ৫ লাখ টকাৰ সাহায্যৰ ভিতৰত আজি ডিএলএছএই দুখন চেক যোগে ভুক্তভোগী ধৰ্ষিতাৰ বেংক একাউণ্টত পোনে পোনে ডেৰ লাখ টকা জমা কৰাৰ বিপৰীতে বাকী ৩ লাখ ৫০ হাজাৰ টকা ভুক্তভোগী ধৰ্ষিতাগৰাকীৰ নামত ফিক্সড্ ডেপ’জিট কৰে ৷ জিলা ও সত্ৰ ন্যায়াধীশ আব্দুল হেকিম আৰু অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশ কল্যাণ শইকীয়াই ভূক্তভোগী গৰাকীক চেক দুখন বিতৰণ কৰে ৷
ইয়াৰোপৰি মুখ্য ন্যায়িক দণ্ডাধীশ প্ৰণিতা মৰাঙ আৰু ডিএলএছএৰ সচিব নাগিব আহমেদে ভুক্তভোগী গৰাকীৰ জীৱনলৈ অহা সকলো প্ৰত্যাহ্বানকো নেওচি জীৱনক সাৰ্থক কৰিবলৈ অনুপ্ৰেৰণা দায়ক বক্তব্য প্ৰদান কৰে ৷ সচেতন মহলে জিলা আইন সেৱা প্ৰাধিকৰণৰ এনে পদক্ষেপক উচ্চ প্ৰশংসা কৰিছে৷













