![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : সমাগত বিধানসভা নিৰ্বাচনৰ বাবে সৰ্বভাৰতীয় কংগ্ৰেছে সম্বল হিচাপে লোৱা ৫ গেৰাণ্টী কাৰ্ডৰ মন্ত্ৰলৈ ৰাইজৰ ওচৰত ভোট বিচাৰি গৈছে কংগ্ৰেছৰ কৰ্মী-সমৰ্থকসকল ৷ সেই একে উদ্দেশ্যলৈ আজি ডিফু চহৰৰ শীতলাবাৰী অখণ্ডমণ্ডলীৰ সন্মুখত ৰাজেন্দ্ৰ তেৰাঙৰ পৌৰোহিত্যত অনুষ্ঠিত কংগ্ৰেছৰ এক ষ্ট্ৰীট নিৰ্বাচনী সভা ৷ সভাত বক্তা হিচাপে উপস্থিত থকা জিলা কংগ্ৰেছৰ সম্পাদক দিগেন তিমুঙে বিজেপিৰ শাসন কালত অস্বাভাৱিকভাবে বৃদ্ধি পোৱা মূল্য বৃদ্বিকলৈ উদ্বেগ প্ৰকাশ কৰাৰ লগতে কংগ্ৰেছ চৰকাৰ আহিলে কংগ্ৰেছৰ ৫ নিৰ্বাচনী গেৰাণ্টি আখৰে আখৰে ৰূপায়ণ কৰা হ’ব বুলি কয় ৷ লগতে ১৯নং ডিফু (জনজাতীয়) বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ছুম ৰংহাঙে বিজেপিৰ দুৰ্নীতিৰ কথা জানি প্ৰতিবাদ কৰি ফল নোপোৱাৰ বাবে কংগ্ৰেছলৈ যোগদান কৰা বুলি জানিব দিয়ে ৷

আনহাতে আনজন জিলা কংগ্ৰেছৰ সম্পাদক মেনচিং ইংতিয়েও মূল্যবৃদ্ধিয়ে সাধাৰণ জনতা জীয়াতু ভোগাৰ কথা উল্লেখ কৰে ৷ লগতে নেতাগৰাকীয়ে বিজেপি দলৰ প্ৰতি অভিযোগ আনি কয় যে, বিজেপিৰ শাসন কালত সৰু সুৰা ঠিকা-ঠুলিৰে জীৱিকা নিৰ্হাহ কৰা প্ৰায় ১০ হাজাৰ ঠিকাদাৰ বিলুপ্ত হোৱাৰ ফলত কাৰবি আংলঙত ব্যৱসায়ীসকলৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পৰিছে ৷ দুয়োগৰাকী বক্তাই এইবাৰ কংগ্ৰেছৰ বিজয় নিশ্চিত বুলি মন্তব্য কৰি অহা ১ এপ্ৰিলত ডিফু বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ছুম ৰংহাঙক হাতৰ ছবিত ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনাইছে ৷













