![]()
ছাইদুল ইছলাম
ডিফু : “চৰকাৰ নথকা কংগ্ৰেছৰ গেৰাণ্টি কাৰ্ডৰ কোনো কাম নাই”-এই তাৎপৰ্য পূৰ্ণ মন্তব্য কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ৷ মঙলবাৰে সন্ধিয়া ডিফুৰ ধৰমনালা বীণাপাণি হাইস্কুলৰ ওচৰত লংচিং চিংনাৰৰ পৌৰোহিত্যত অনুষ্ঠিত বিজেপিৰ ২নং ৱাৰ্ড আৰু ৩ নং ৱাৰ্ডৰ উদ্যোগত আয়োজতি এক ষ্ট্ৰীট কৰ্ণাৰ নিৰ্বাচনী সভাত মুখ্য অতিথি হিচাপে থাকি এই মন্তব্য কৰে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ৷

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তুলিৰাম ৰংহাঙে কয় যে, কংগ্ৰেছৰ গেৰাণ্টি কাৰ্ডৰ কোনো কাম নাই ৷ কাৰণ তেওঁলোক শাসনত নাই ৷ শাসন আৰু চৰকাৰ নথকা দলে উন্নয়ণ কৰিব নোৱাৰে লগতে উন্নয়ণৰ গেৰাণ্টিও দিব নোৱাৰে ৷ সভাখনত ভাষণ প্ৰসংগত ৰংহাঙে কয় যে কাৰবি আংলঙত সমান্তৰালভাবে চুকে কোনে উন্নয়ণৰ বাবে বিজিপিক শক্তিশালী কৰিব লাগিব ৷ ডিফুৰ উন্নয়ণৰ বাবে বিজেপি প্ৰাৰ্থী বিদ্যাছিং ইংলেঙক পদুম ফুলৰ ছবিত ভোট দি জয়জুক্ত কৰিব লাগিব ৷ নিৰ্বাচনত জিকিলেই অৰুণোদয় আঁচনি ৮৩০ টকাৰ ঠাইত প্ৰতিগৰাকী মহিলাৰ একাউণ্টত ৩০০০ টকাকৈ প্ৰদান কৰা হ’ব ৷
ইয়াৰোপৰি প্ৰতিটো আত্মসহায়ক গোটক ২ লাখ টকাকৈ সাহায্য প্ৰদান কৰা হ’ব ৷ আজিৰ সভাত তুলিৰাম ৰংহাঙৰ ওচৰত কংগ্ৰেছ আৰু এএছডিচিৰ ৪৮ গৰাকী কৰ্মীয়ে আনুষ্ঠানিকভাবে বিজেপিত যোগদান কৰে ৷ সভাখনত বিজেপিৰ কাৰবি আংলং সভাপতি ধনচিং টেৰণ, লংচিং টকবী, ৱাৰ্ড কমিচনাৰদ্বয় দিগন্ত গগৈ আৰু প্ৰতিভাৰাণী পুৰকায়স্থৰ লগতে বিজেপিৰ গণ্যমান্য নেতা-কৰ্মীসকল উপস্থিত থাকে ৷












