![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰবি-কুকি সংঘাতৰ বলিহৈ ১৯ জনকৈ লোক দুৰ্বৃত্তৰ হাতত প্ৰাণ বিসৰ্জন দিয়া ১৮ বছৰ উকলি গ’ল ৷ আজি লাংভুকু ছাৰপ’টেৰণ গাঁৱৰ ঘটনাস্থলীত শ্বহীদসকলৰ স্মৃতিত অনুষ্ঠিত হয় এক শ্ৰদ্ধাঞ্জলী অনুষ্ঠান ৷ বোকাজানৰ বিজেপি প্ৰাৰ্থী ডাঃ নোমল মমিন অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ১৯জনকৈ শ্বহীদৰ স্মৃতিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলীৰে গভীৰ শ্ৰদ্ধা নিবেদন কৰে ৷ শ্ৰদ্ধাঞ্জলীথলী শ্বহীদ পৰিয়ালৰ লোকসকলে এক আৱেগিক পৰিৱেশৰ সৃষ্টি কৰে ৷ শ্বহীদসকলক সোঁৱৰি কান্দোনত ভাগি পৰে পৰিয়ালৰ লোক ৷ ডাঃ নোমল মমিনে নিজৰ ভাষণ প্ৰসংগত কয় যে, জাতিগত সংঘাত কংগ্ৰেছৰ দিনত হৈছিল বিজেপিৰ দিনত নহয় ৷ বিজেপিয়ে কেৱল উন্নয়ণৰ ৰাজনীতি কৰে সংঘাতৰ নহয় ৷ ৰাজনীতি হ’লে কেৱল উন্নয়ণৰ ৰাজনীতি হ’ব লাগে ৷
কাৰবি-কুকি সংঘাতৰ বলি হোৱা শ্বহীদ পৰিয়ালৰ মোট্ৰিক-হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হোৱা ল’ৰা-ছোৱালীক ডাঃ নোমল মমিনৰ নিজৰ খৰছতে আইটিআইত অধ্যয়ন কৰাৰ সুবিধা কৰি দিব বুলি মন্তব্য কৰে ৷ ২০০৪ চনৰ আজিৰ দিনটোতেই লাংভুকুত দুৰ্বৃত্তৰ হাতত শ্বহীদবৰণ কৰাৰ বাবে আজিৰ দিনটো কাৰবি আংলঙৰ বাবে ‘কলা দিন” আখ্যা দিয়ে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ৷ ঘটনাস্থলীত স্মৃতি সৌধৰ লগতে পাৰ্ক নিৰ্মাণ কৰি উক্ত পাৰ্কত ১৯ গৰাকী শ্বহীদৰ ফটো সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও কয় বোকাজানৰ বিজেপি প্ৰাৰ্থীগৰাকীয়ে ৷
লাংভুকু জলপ্ৰপাতৰ আন্তঃগাঁথনি আৰু নিৰ্মাণৰ বাবে অসম দৰ্শন আঁচনিৰ জৰিয়তে ৮ কোটি টকা আৱণ্টন দিয়া হৈছে ৷ এইবছৰত জলপ্ৰপাত পৰ্যটনথলীৰ শুভ উদ্ধোধন কৰা হ’ব বুলি কয় ৷ লাংভুকু পৰ্যটনথলীলৈ পৰ্যৱেসিত হ’লে বিভিন্ন প্ৰান্তৰ পৰ্যটক আহি লাংভুকু পৰিদৰ্শন কৰিবলৈ আহিব আৰু লাংভুকু এলেকাৰ লোকসকলে ক্ষুদ্ৰ ব্যৱসায় কৰিও জীৱিকা-নিৰ্বাহ কৰাৰ সম্বল বিচাৰি পাব বুলি কয় ডাঃ নোমল মমিনে ৷












