![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : গ্ৰেটাৰ ডিফু স্পৰ্টচ এছ’ছিয়েচনৰ উদ্যোগত ডিফুস্থিত কাছা খেলপথাৰত চলি থকা ‘বি’ ডিভিজন ফুটবল লীগ ২০২১ৰ আজি চূড়ান্ত খেল অনুষ্ঠিত হৈ যায় ৷ স্বৰ্গীয়া নিৰলা টিচপীৰ সোঁৱৰণিত খেলা প্ৰতিযোগিতাখনৰ দাতা গৌতম তেৰাঙ ৷ প্ৰতিযোগিতাখনত ইয়ংগান এফচিয়ে ডিফু এফচিক ৩-১ গলৰ ব্যৱধানত হেৰুৱাই চূড়ান্ত বিজয়ীৰ খিতাপ লাভ কৰে ৷ লংকিৰি এফচিয়ে ইয়ংগান এফচিৰহৈ ১১ মিনিটত দলৰ হৈ খাতা খোলে যদিও ১৮ মিনটত ডিফু এফচিৰহৈ ছাৰকিৰি টেৰণে ১৮ মিনিটত এটা গ’ল দি খেলৰ স্ক’ৰ সমান কৰে ৷ ইয়ংগান এফচিয়ে ৫৫ মিনিট আৰু ৭০ মিনিটত দুটাকৈ গুৰুত্বপূৰ্ণ গল দি চূড়ান্ত বিজয় সাব্যস্থ কৰে ৷

বিজয়ী পুৰষ্কাৰ হিচাপে নগদ ধন আৰু ট্ৰফী প্ৰদান কৰে ‘কাছা’ৰ উপ-সভাপতি গৌতম তেৰাঙে আৰু বিজেতা পুৰষ্কাৰ হিচাপে নগদ ধন আৰু ট্ৰফী প্ৰদান কৰে ‘কাছা’ৰ সাধাৰণ সম্পাদক পংকজ টেৰণে ৷ শ্ৰেষ্ঠ খেলুৱৈৰ পুৰষ্কাৰ লাভ কৰে ইয়ংগান এফচিৰ বিক্ৰম ফাংচ’ক ৷ শ্ৰেষ্ঠ গ’লৰক্ষকৰ পুৰষ্কাৰ লাভ কৰে ইয়ংগান এফচিৰ ৰণবীৰ কাথাৰে ৷ লীগৰ শ্ৰেষ্ঠ স্ক’ৰাৰ হিচাপে ডিফু এফএৰ ছাৰকিৰি টেৰণক পুৰষ্কৃত কৰা হয় ৷ শ্ৰেষ্ঠ নিয়মানুৱৰ্তিতাৰ পুৰষ্কাৰ লাভ কৰে ৰংফু এফচিয়ে ৷ দ্বিতীয় ছেছনৰ বাবে চূড়ান্ত খেলৰ দল দুটাক ‘এ ‘ ডিভিজনলৈ উন্নীত কৰে ৷ খেলখন পৰিচালনা কৰে আৰৱিনচন কিলিঙে ৷ তেওঁক লাইনত সহায় কৰে বিজয় ৰংহাঙ আৰু বিজয় ৰংহাঙে ৷ চতুৰ্থ ৰেফাৰীৰ দায়িত্ব পালন কৰে হনছিং কিলিঙে ৷













