ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ দিন সমাগত হোৱাৰ লগে লগে ক্ৰমাৎ অধিক শক্তিশালী হ’বলৈ আৰম্ভ কৰিছে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ অভিযান। আজি কাৰ্বি আংলং জিলাত বিজেপি আৰু কংগ্ৰেছ উৰুৱাই নিৰ্বাচনী প্ৰচাৰ চলাই ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা চলোৱা দেখিবলৈ পোৱা যায়।
আজি দিনৰ প্ৰায় এঘাৰ বজাত হেলিকপ্টাৰযোগে তাৰাবাচাত উপস্থিত হৈ বিজেপি দলৰ প্ৰাৰ্থী বিদ্যাছিং ইংলেং আৰু দৰছিং ৰংহাঙৰ সমৰ্থনত প্ৰচাৰ অভিযান চলায় কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু সাংসদ হৰেণছিং বে’ই।
সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত ভাষণ প্ৰদান কৰি সাংসদ হৰেণছিং বে’ই বিজেপি চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা বৰ্তমানৰ কংগ্ৰেছ দলৰ ডিফুৰ প্ৰাৰ্থী চুম ৰংহাঙক কঠোৰ ভাষাৰে সমালোচনা কৰে । চুম ৰংহাঙে ক্ষমতাৰ অৰ্থ বুজি নাপায় বুলি মন্তব্য কৰি বিগত সময়ছোৱাত শাসনত থাকিও চুম ৰংহাঙে জিলাখনৰ বাবে কোনো আঁচনি অনাত ব্যৰ্থ হোৱা বুলি কটাক্ষ কৰে।
কংগ্ৰেছ দলক আজি ৰাইজে নিবিচাৰে বুলি মন্তব্য কৰি সমাগত নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে দহ হাজাৰ ভোটো লাভ নকৰে বুলি কয় । হাওৰাঘাট সমষ্টিৰ বিজেপি প্ৰাৰ্থী দৰছিং ৰংহাঙে আদৰণি ভাষণ প্ৰদান কৰা সভাখনত ভাষণ প্ৰদান কৰি কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বিজেপিৰ শাসনত জিলাখনত পূৰ্বে সংঘটিত হোৱা গোষ্ঠী সংঘৰ্ষৰ অৱসান হোৱা বুলি দাবী কৰি শান্তি, উন্নয়ন আৰু দৰিদ্ৰৰ বাবে আঁচনি লাভৰ স্বাৰ্থত বিজেপি দলৰ প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰাৰ বাবে সকলোকে আহ্বান জনায় ।
ইয়াৰ পিছতে দিনৰ প্ৰায় এক বজাত লাংহিনৰ গৰৈমাৰী খেলপথাৰত আয়োজন কৰা কংগ্ৰেছ দলৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লোৱাৰ বাবে হেলিকপ্টাৰেৰে লাংহিনত উপস্থিত হয়হি অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য ।
ভাষণ প্ৰসংগত কংগ্ৰেছ নেতাগৰাকীয়ে বিপিএফ মিত্ৰজোঁটৰ চৰকাৰ হোৱাটো খাটাং বুলি মন্তব্য কৰি বিজেপি দলক বাকী আৰু ফাঁকিৰ চৰকাৰ বুলি কটাক্ষ কৰে। বিকাশৰ কথা কোৱা চৰকাৰখনৰ বিকাশ জিলাখনৰ কেৱল তুলিৰাম ৰংহাঙৰ ঘৰত হোৱা বুলি মন্তব্য কৰি কাৰ্বি আংলং জিলাৰ সৰ্বত্ৰ এতিয়া কেৱল ছিণ্ডিকেটৰাজ চলা বুলি ভট্টাচাৰ্যই অভিযোগ কৰে।
কংগ্ৰেছ দলৰ পাঁচ গেৰাণ্টী সম্পৰ্কে সবিশেষ ব্যাখ্যা আগবঢ়াই নেতাগৰাকীয়ে কংগ্ৰেছ দলে যি কয় তাক কৰি দেখুৱায় বুলি মন্তব্য কৰে। যোৱা ষাঠি বছৰে কংগ্ৰেছে নিৰ্মাণ কৰা সকলো সম্পদ বিজেপিয়ে এটা এটাকৈ বিক্ৰী কৰা বুলিও বিজেপিক সমালোচনা কৰে ভট্টাচাৰ্যই ।
প্ৰাক্তন মন্ত্ৰী খৰছিং ইংতিয়ে সভাখনত ভাষণ প্ৰদান কৰি বিজেপি দলে সাধাৰণ ভোটাৰক চৰকাৰী আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত কৰাৰ ভয় ভাবুকি দেখুৱাই সমৰ্থন লাভৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰে। সভাখনত লগতে কংগ্ৰেছ দলৰ ডিফু আৰু হাওৰাঘাট সমষ্টিৰ প্ৰাৰ্থী ক্ৰমে চুম ৰংহাং আৰু সঞ্জীৱ টেৰণ, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ৰামান্না বৰুৱা, ডা° মংৱে ৰংপিকে ধৰি ভালেসংখ্যক দলীয় নেতা-কৰ্মী উপস্থিত থাকে ।