![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
কার্বি আংলং জিলাৰ মাঞ্জা আৰক্ষীয়ে আজি পুৱাৰ ভাগত অভিযান চলাই চেগুণ ভর্তি এখন ট্রাক জব্দ কৰিবলৈ সক্ষম হৈছে। ঘটনাৰ বিৱৰণ অনুসৰি, আজি পুৱাৰ ভাগত ডিফুৰ পৰা মাঞ্জা অভিমূখে এখন ট্রাক আহি থকাৰ তথ্য মাঞ্জা আৰক্ষীয়ে গোপন সূত্রে লাভ কৰে। লগে লগে মাঞ্জা থানাৰ ভাবপ্রাপ্ত বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই অভিযানকাৰী দলটোৱে As-25 AC 9676 পঞ্জীয়ন নম্বৰৰ চেগুন ভর্তি ট্রাকখন জব্দ কৰিবলৈ সক্ষম হয়।
কাঠ ভর্তি ট্রাকখনৰ কোনো বৈধ নথি-পত্র অবিহনেই কাঠখিনি সৰবৰাহ কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে। আৰক্ষীয়ে বাহনখন জব্দ কৰাৰ পিছত চালকসহ ট্রাকখন জিলা বন বিভাগৰ ডিফু সংমণ্ডলৰ হাতত চমজাই দিয়া হয় ৷













