![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : নিৰ্বাচনৰ সন্মুখ সমৰতে জনপ্ৰতিনিধিৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভৰ বৰ্হিপ্ৰকাশ ৷ অৱশ্যে এয়া বিধানসভাৰ প্ৰাৰ্থী নহয়, কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ কপিলী পৰিষদীয় সমষ্টি পৱন কুমাৰৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ ক্ষোভ । এই ঘটনা সংঘটিত হৈছে পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি আৰক্ষী চকীৰ অন্তৰ্গতস্থিত নৱাইবিলত। NO ROAD, NO VOTE, পৱন কুমাৰ মূর্দাবাদ ধ্বনিৰে ক্ষোভিত জনতাই পৰিৱেশ উত্তাল কৰি তুলিছে পশ্চিম কাৰ্বি আংলঙৰ নৱাইবিল অঞ্চল। সুদীৰ্ঘ ৯-১০ বছৰ ধৰি বিধ্বস্ত আৰু নিচিহ্ন হ’বলৈ ধৰা খেৰণি চাৰি আলি-লামছাখাং পথকলৈ জীয়াতো ভোগা জনতাই বিগত তিনি-চাৰি বছৰে উক্ত পথ মেৰামতিৰ বাবে চৰকাৰ তথা কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ পৰিষদীয় সদস্য পৱন কুমাৰক বাৰম্বাৰ কাকুতি-মিনতি কৰি অহাৰ লগতে আবেদন-নিবেদন কৰি আহিছিল।

কিন্তু বছৰৰ পিছত বছৰ উকলি যোৱাৰ পাছতো কোনো ফল নোপোৱাত এতিয়া উপায়ন্তৰ হৈ জনতাই বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত NO ROAD, NO VOTE, পৱন কুমাৰ মূর্দাবাদ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তুলিছে পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ নৱাইবিল আৰু লামছাখাং অঞ্চলত।
আনহাতে আজি হঠাৎ অঞ্চলটোত পৱন কুমাৰ প্ৰচাৰৰ লক্ষ্যৰে উপস্থিত হোৱাত পৱন কুমাৰৰ প্ৰতি ৰাইজ অধিক উত্তেজিত আৰু ক্ষোভিত হৈ পৰাৰ লগতে পৱন কুমাৰে ৰাইজক উদ্দেশ্যি বুঢ়া আঙুলি দেখুৱা বুলিও ৰাইজে অভিযোগ উত্থাপন কৰে। ইয়াৰ পাছতে এনে পৰিৱেশ দেখি জন প্ৰতিনিধিগৰাকীয়ে তাৎক্ষণিকভাৱে সেই স্থান ত্যাগ কৰিবলৈ বাধ্য হ’য়। লগতে ক্ষোভিত জনতাই এইবাৰ কোনো এটা ৰাজনৈতিক দলৰ প্ৰাৰ্থীক ভোট দান নকৰি NOTAত ভোট দান কৰিব বুলিও মন্তব্য কৰে।












