![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
পশ্চিম কৰ্বিআংলং : বৈঠালাংছ’ৰ বিজেপি প্ৰাৰ্থী ৰূপছিং টেৰণৰ হৈ আজি নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সমষ্টিটোৰ খেৰনি খেলপথাৰত এখন হেলিকপ্তাৰৰে উপস্হিত হৈ কেইবা সহস্ৰ ৰাইজৰ ওচৰত প্ৰচাৰ চলাই হিমন্ত বিশ্ব শৰ্মাই কয়, “কাৰ্বিপাহাৰৰ উন্নয়নৰ বাবে ৰাইজে বিজেপি দলকেই ভোট দিব লাগিব।
ইতিমধ্য বিগত পাঁচটা বছৰে পাৰ্বত্য জিলাখনত বহু উন্নয়নৰ কাম কৰিছে। তাৰোপৰি পুনৰ বিজেপি চৰকাৰ আহিলে কেৱল কাৰ্বিআংলঙৰ বাবে হায়াৰ চেকেণ্ডেৰী দ্বিতীয় বিভাগটো উৰ্ত্তীণ হোৱা ছাত্ৰীসকলকো স্কুটী প্ৰদান কৰা, কাৰ্বিআংলঙত এটা বিমান বান্দৰ, এখন বিশ্ববিদ্যালয়, বাট পথ আৰু পশ্চিম কাৰ্বিআংলঙৰ জিলা কাৰ্যালয়সমূহ স্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । লগতে বন্ধন গোটসমূহে লোৱা লোনসমূহ সম্পুৰ্ণৰূপে ৰেহাই দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে।
ইফালে আজিৰ এই নিৰ্বাচনী প্ৰচাৰ সভাত নেডাৰ আহ্বায়কগৰাকীয়ে বদৰুদ্দিন আজমলৰ চৰকাৰ আহিলে মহিলাসকলৰ সন্তান জন্ম দিয়াৰ সন্দৰ্ভতো তীব্ৰ সমালোচনা কৰে। দহ সহস্ৰাধিক লোকৰ উপস্থিতিত অনুস্থিত বিশাল নিৰ্বাচনী সভাত CEM তুলিৰাম ৰংহাং আৰু সাংসদ হৰেণ ছিং বেও অংশগ্ৰহণ কৰে।













