![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনৰ লগতে জিলা আৰক্ষী প্ৰশাসনেও লৈছে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ নিৰ্দেশ মৰ্মে পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফু সদৰ থানা প্ৰাঙ্গনৰ পৰা আজি জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালৰ নেতৃতত আৰু ডিফু সদৰ অ’চি সীমান্ত বৰা আৰু ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অচ্যুত নাথৰ সহযোগত এক এৰিয়া ডমিনেছন কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷

নিৰ্বাচনৰ সময়ত যাতে কোনো কুটাঘাতমূলক ঘটনা বা অপ্ৰতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ বাবেই এনে কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে ৷ শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে কয় যে, শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আৰক্ষীৰ নাকা চেকিঙ, টহল আদি কাৰ্যকৰী কৰা হৈছে ৷ আজি গ্ৰহণ কৰা এৰিয়া ডমিনেছন কাৰ্যসূচীত চিআৰপিএফ জোৱানসকলক মোতায়ণ কৰা হৈছে আৰু অতিৰিক্ত বলো যোগ কৰা হ’ব বুলি কয় ৷ প্ৰতিটো থানা এলেকাত এনে ধৰণৰ এৰিয়া ডমিনেছন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে জানিবলৈ দিছে শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে ৷












