![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ সামৰণি পৰাৰ পিছতে দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া কাৰ্বি আংলং জিলাৰ বোকাজানত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে মন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই ৷ বোকাজানৰ নিলীপ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কয়লামাটিত আজি এক বিশাল নিৰ্বচনী প্ৰচাৰ সভাত অংশ লৈ বিজেপি দলৰ প্ৰাৰ্থী ডা: নোমল মমিনৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায় অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য, শিক্ষা আৰু লোকনিৰ্মাণ দপ্তৰৰ মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।

দিনৰ প্ৰায় দুই বজাত হেলিকপ্টাৰেৰে পাহাৰীয়া অঞ্চলটোত উপস্থিত হোৱাৰ পিছতে সভাত উপস্থিত প্ৰায় দহ সহস্ৰাধিক লোকক সম্বোধন কৰি প্ৰদান কৰা ভাষণত মন্ত্ৰীগৰাকীয়ে অৰুণোদয় আঁচনি, মাইক্ৰ’ ফাইনেন্সৰ ঋণ ৰেহাইকে, মেধাৱী ছাত্ৰীক স্কুটি প্ৰদানকে ধৰি চৰকাৰে গ্ৰহণ কৰা অভিলাষী আঁচনিসমূহৰ প্ৰসংগ উল্লেখ কৰাৰ লগতে কাৰ্বি আংলঙৰ দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰীসকলকো স্কুটী প্ৰদান কৰাৰ লগতে এবছৰৰ ভিতৰত এক লাখ চৰকাৰী চাকৰিত নিযুক্তি প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে ।

বোকাজান সমষ্টিত পথ, দলং, ষ্টেডিয়াম নিৰ্মাণেৰে প্ৰভূত উন্নয়ন সাধন কৰা বুলি বিধায়ক ডা: নোমল মমিনক উচ্চ প্ৰশংসা কৰাৰ লগতে আগন্তুক সময়ত কাৰ্বি আংলং জিলাত এখন বিশ্ববিদ্যালয় আৰু এটা বিমানবন্দৰ স্থাপন কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিয়ে। তীৰ্যক মন্তব্যৰে কংগ্ৰেছ দলক সমালোচনাৰ লক্ষ্য কৰি লোৱা মন্ত্ৰী শৰ্মাই কংগ্ৰেছ দলক জনতাই প্ৰত্যাখ্যান কৰাৰ বাবেই দলটোৱে বদৰুদ্দিন আজমলৰ সৈতে লগ লাগি চৰকাৰ গঠনৰ সপোন দেখা বুলি কয় । যি সময়ত বিজেপি চৰকাৰে অসমত বিশ্ববিদ্যালয় স্থাপনৰ চিন্তা কৰে সেই সময়ত বদৰুদ্দিন আজমলে অসমত মাদ্ৰাছা খোলাৰ কথা কয় বুলি কটাক্ষ কৰি আমাক আজি চিকিৎসক, অভিযন্তা, শিক্ষক লাগে নে মোল্লা লাগে বুলি মন্ত্ৰীগৰাকীয়ে ৰাইজক প্ৰশ্ন কৰে । কংগ্ৰেছ-এআইইউডিএফৰ চৰকাৰ অসমত নহয় বাংলাদেশতহে সম্ভৱ বুলি মন্ত্ৰীগৰাকীয়ে লগতে কয়। মহাবিদ্যালয় পৰ্যায়ৰ শিক্ষাৰ্থীসকলক পৰৱৰ্তী সময়ত দৈনিক এশ টকাকৈ ভাট্টা প্ৰদান কৰাৰ লগতে জিলাখনৰ আদিবাসীসকলৰ ভূমি পট্টা সমস্যাৰো সমাধানৰ ব্যৱস্থা কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে। সাংসদ হৰেণছিং বে’, কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ কেইবাগৰাকীও পৰিষদীয় সদস্য উপস্থিত থকা সভাখনত ভাষণ প্ৰদান কৰি কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ভাষণ প্ৰদান কৰি শান্তি, সম্প্ৰীতি আৰু উন্নয়নৰ স্বাৰ্থত বিজেপি দলৰ প্ৰাৰ্থী ডা: নোমল মমিনক ভোট দিয়াৰ বাবে উপস্থিত ৰাইজক আহ্বান জনায় । পূৰ্বৰ এএছডিচি আৰু কংগ্ৰেছ দলৰ শাসনত জিলাখনত সংঘটিত হোৱা গোষ্ঠী সংঘাতৰ ক’লা অধ্যায় বিজেপিৰ শাসনত অন্ত পৰা বুলি মুখ্য কাৰ্যবাহীগৰাকীয়ে দাবী কৰে ।

উল্লেখযোগ্য যে, কালি বিয়লি আকস্মিকভাৱে বোকাজান বিধানসভা সমষ্টিৰ দেওপানীত উপস্থিত হৈ ডা: নোমল মমিনৰ সমৰ্থনত প্ৰচাৰ চলায় কেন্দ্ৰীয় কৃষি, কৃষক কল্যাণ, গ্ৰামোন্নয়ন আৰু খাদ্য সংসাধন দপ্তৰৰ মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে । বিয়লি হেলিকপ্টাৰযোগে দেওপানীত উপস্থিত হোৱাৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক বিহু আৰু ঝুমুৰ প্ৰদৰ্শন কৰি আদৰণি জনোৱা হয় ।













