![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কংগ্ৰেছ মহাজোঁটৰ বাবে শুকুৰবাৰে বোকাজানত হাগ্ৰামা মহিলাৰী, প্ৰদ্যুৎ বৰদলৈ, অপূৰ্ব ভট্টাচাৰ্যই কংগ্ৰেছৰ প্ৰাৰ্থী ৰতন ইংতিৰ হৈ নিৰ্বাচনী প্রচাৰ অভিযান চলায় ৷ বোকাজানত উপস্থিত হৈয়েই হাগ্ৰামা মহিলাৰীয়ে কৰে বিস্ফোৰক মন্তব্য।
নোমল ম’নিনক চালানি মাছ আখ্যা হাগ্ৰামা মহিলাৰীৰ। ”হিমন্ত লগত মই আছিলোঁ সেইবাবে হিৰ’ আছিল, এইবাৰ মই নাই এইবাৰ জিৰ’ মাৰিব” ৷ ”বিটিচি নিৰ্বাচনত তুলিৰামে ৫০ কোটি টকা হিমন্তক দিছে বুলি অভিযোগ কৰে হাগ্ৰামা মহিলাৰীয়ে ৷
প্ৰমোদ বড়োৱে বড়ো জাতিক বিক্ৰী কৰি আহিছে দিল্লীত বিজেপিৰ ওচৰত৷ কংগ্ৰেছৰ মিত্রজোঁটে ৭০+ আসন পাব বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে।












