![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু: জাতীয় নায়কে আজি জাতিক সুৰক্ষা দিব পৰা নাই, জাতিক বিশ্বাসঘাটকতাহে কৰিলে। ‘কা’ বিৰোধী কৰা আন্দোলনৰ কথা হয়তো আপোনালোকে পাহৰা নাই, য’ত পাঁচজনকৈ যুৱক শ্বহীদ হ’ল। কংগ্রেছ দলে অসম চুক্তিৰ জৰিয়তে ৰাজ্যলৈ শাস্তি-সম্প্রীতি আনিছিল। এইবাৰ কংগ্রেছৰ চৰকাৰ হ’লে কা বাতিল হ’বই। কা’ আমি নামানো- এই মন্তব্য কংগ্রেছ দলৰ লোকসভাৰ সাংসদ গৌৰৱ গগৈৰ।
কংগ্রেছ দলৰ ডিফু সমষ্টিৰ প্রার্থী চুম ৰংহাঙৰ সমর্থনত কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটত নির্বাচনী প্রচাৰৰ বাবে আহি এক বিশাল ৰাজহুৱা সভাত অংশগ্রহণ কৰি এই মন্তব্য কৰে কংগ্রেছ সাংসদগৰাকীয়ে। উল্লেখযোগ্য যে, নির্বাচনব দিন ক্রমাৎ চমু চাপি অহাৰ লগে লগে নিজ নিজ দলৰ শক্তি প্রদর্শনত নামি পৰিছে কংগ্রেছ-বিজেপি উভয় দল।
কালি বোকাজানত এক বিশাল নির্বাচনী প্রচাৰ সভা অনুষ্ঠিত কৰি মন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই বিজেপি দলৰ শক্তি প্রদর্শন কৰাৰ পিছত আজি বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এক বিশাল নির্বাচনী সভাৰ আয়োজন কৰি কংগ্রেছ দলেও শক্তি প্রদর্শনৰ চেষ্টা চলায়। আজি দিনৰ প্রায় এক বজাত হেলিকপ্টাৰযোগে সভাস্থলীত উপস্থিত হৈ প্রদান কৰা ভাষণত কংগ্রেছী সাংসদ গৌৰৱ গগৈয়ে চুম ৰংহাঙৰ সমর্থনত প্রচাৰ চলোৱাৰ সমান্তৰালভাৱে শাসকীয় বিজেপি দলকে কঠোৰ ভাষাৰে সমালোচনা কৰে।
দর্শক সমর্থকৰ প্রৱল হর্ষোল্লাসৰ মাজত ভাষণ প্রদান কৰি ডিফু সমষ্টিত নির্বাচনৰ পূর্বেই ৰাইজে ফলাফল নিশ্চিত কৰিলে বুলি মন্তব্য কৰি ডিফুৰ পৰা কংগ্রেছ দলৰ প্রার্থী চুম ৰংহাং ঐতিহাসিক ব্যৱধানত জয়লাভ কৰিব বুলি মন্তব্য কৰে। সমষ্টিটোত বৃহৎ জনপ্রিয়তা থকা নেতাগৰাকীক কংগ্রেছ দলৰ সমর্থকসকলে ভোট দিয়াৰ লগতে বিজেপি দলৰ সমর্থকসকলৰ পৰাও ভোট লাভ কৰি ৰংহাং বিজয়ী হ’ব বুলি সাংসদগৰাকীয়ে দাবী কৰে।
আনহাতে, এইবাৰ অসমত কংগ্রেছ মহাজোঁটৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত বুলি দাবী কৰি উক্ত চৰকাৰত চুম ৰংহাঙে এক ভাল স্থান লাভ কৰিব বুলিও সাংসদগবাকীয়ে উক্ত সভাতে ঘোষণা কৰে। ভাষণ প্রসংগত বিজেপি নেতৃত্বাধীন কার্বি আংলং স্বায়ত্তশাসিত পৰিষদক কঠোৰ ভাষাৰে সমালোচনা কৰি সাংসদ গগৈয়ে জিলাখনত সম্প্রতি ছিণ্ডিকেট আৰু ঠিকাদাৰৰ চৰকাৰ চলিছে বুলি অভিযোগ কৰে।
পৰিষদ কর্তৃপক্ষই নিজা লাভালাভৰ স্বার্থত কাম কৰে বুলি মন্তব্য কৰি ৰাইজৰ বাবে এইয়া উচিত সিদ্ধান্ত লোৱাৰ সময় বুলি সাংসদগৰাকীয়ে উল্লেখ কৰে। ভাষণ প্রসংগত মূল্যবৃদ্ধি, নিবনুবা সমস্যা সমাধানৰ ক্ষেত্রত চৰকাৰৰ ব্যর্থতাক সমালোচনা কৰি সাংসদগৰাকীয়ে কংগ্রেছ দলৰ পাঁচ গেৰাণ্টী সন্দর্ভত সবিস্তাৰে ব্যাখ্যা আগবঢ়ায়।
কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত হোৱা সভাখনত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাক সমালোচনা কৰি সাংসদ গগৈয়ে কয় যে মন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাৰ কথাবোৰ শুনিবলৈ ভাল যদিও কামবোৰ ভাল নহয়। ২৫ লাখ চাকৰিৰ প্রতিশ্রুতি চাকৰিৰ প্রতিশ্রুতি দিয়া চৰকাৰখনে এক লাখ চাকৰিও দিবলৈ সক্ষম নহ’ল বুলিও চৰকাৰখনক চাকৰিও দিবলৈ সক্ষম নহ’ল বুলিও চৰকাৰখন সমালোচনা কৰে ৷
ইয়াৰ বিপৰীতে কংগ্রেছ দলে কথাৰ ফুলজাৰি নামাৰে, কথা দিলে কামো কৰি দেখুৱায় বুলি সাংসদগৰাকীয়ে কয়। বিজেপি চৰকাৰৰ শাসনত পৰিবর্তনৰ নামত ধনীসকল অধিক ধনী হ’ল আৰু দুখীয়াসকল অধিক দৰিদ্র হ’ল বুলি আক্ষেপ প্রকাশ কৰি বিজেপি চৰকাৰে এপদ এপদকৈ অসমৰ সকলো সম্পদ বিক্রী কৰা বুলি অভিযোগ কৰে। সাংবাদিকৰ লগত হোৱা বার্তালাপত কংগ্রেছী সাংসদগৰাকীয়ে আজি ভোটদান অনুষ্ঠিত হোৱা উজনি অসমৰ আটাইকেইখন আসনতে কংগ্রেছ দলে ভাল ফলাফল আগবঢ়াব বুলি আশা প্রকাশ কৰে।
মন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই প্রথম পর্যায়ত চল্লিশখনৰো অধিক আসন লাভ কৰিব বুলি কৰা দাবী সন্দৰ্ভত সাংবাদিকৰ প্রশ্নৰ উত্তৰত ২৫ লাখ চাকৰিৰ প্রতিশ্রুতি দিও প্রতিশ্রুতি ৰক্ষা কৰিব নোৱাৰা মন্ত্রীগৰাকীৰ এনে মন্তব্যৰ কোনো ভিত্তি নাই বুলি কয়।
কার্বি আংলং জিলা কংগ্রেছৰ সভাপতি তথা প্রাক্তন মন্ত্রী খৰছিং ইংতিয়ে আত ধৰা সভাখনত আদৰণি ভাষণ প্রদান কৰি দলটোৰ ডিফুৰ প্রার্থী চুম ৰংহাঙে সুদীর্ঘ কাল কংগ্রেছী ৰাজনীতিৰ সৈতে জড়িত থাকি শেহতীয়াকৈ বিজেপিত যোগদান কৰিছিল যদিও সম্প্রতি বিজেপি দলক টাটা বাই বাই দিয়া বুলি কয়।
অহা এক এপ্রিলত অনুষ্ঠিত হ’বলগীয়া নির্বাচনত কংগ্রেছ দলৰ সমর্থনত ভোটদান কৰিবলৈ সকলো ৰাইজকে হাত যোৰ কৰি অনুৰোধ জনায় চুম ৰংহাঙে। সভাখনত তেলেংগানাৰ বিধায়িকা তথ্য দলীয় পর্যবেক্ষক ধনচাৰী অনসূয়া, প্রদেশ কংগ্রেছৰ সম্পাদক ডাঃ মংবে ৰংপি, কার্বি আংলং জিলা কংগ্রেছৰ কার্যকৰী সভাপতি অশোক টেৰণকে ধৰি ভালেসংখ্যক দলীয় নেতা-কর্মী উপস্থিত থাকে।













