![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বোকাজানৰ বিধায়ক ডা: নোমল মমিনৰহৈ বোকাজানত বিজেপিৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
বোকাজানৰ হিদিপি মিৰ্জাং খেলপথাৰত বিজেপিৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিগত বিজেপি চৰকাৰৰ উন্নয়ণৰ খতিয়ান দাঙি ধৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

বিজেপিৰ প্ৰাৰ্থী নোমল মমিনৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ অসমৰ মহাশত্রু। ৫ বছৰত ১০ লাখ যুৱক-যুৱতী কৰ্মসংস্থাপনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে সৰ্বানন্দ সোণোৱাল। বিজেপিৰ শাসন কালত বৰাক-ব্ৰহ্মপুত্ৰ একাকাৰ হোৱাৰ লগতে সকলোতে শান্তি স্থাপন হৈছে বুলি কয় মুখ্যমন্ত্ৰীয়ে ৷ কাৰ্বি আংলং আটাইকেইখন আসন বিজেপিয়ে দখল কৰাৰ লগতে অসম বিধানসভা নিৰ্বাচনত বিজেপিয়ে শতাধিক আসন লাভ কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।












