![]()
ছাইদুল ইছলামডিফু : কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে আজি বকলীয়াঘাটত মন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত অনুষ্ঠত হোৱাৰ এক নির্বাচনী প্রচাৰ সভাত ভাষণ প্রদান কৰি ভাৰতীয় সংবিধানৰ ২৪৪ (ক) ধাৰাৰ স্বার্থত বিজেপি দলৰ সমর্থনত ভোট দিয়াৰ বাবে ৰাইজক আহ্বান জনোৱাৰ সময়তে দলটোৱে ৰাজ্যিক উপ-সভাপতি লংকি ফা্ছ’ৱে ডিফুত এক সংবাদমেলৰ আয়োজন কৰি বিজেপি দলৰ ই্স্তাহাৰত ভাৰতীয় সংবিধানৰ ২৪৪ (ক)ৰ কোনো প্রসংগ উল্লেখ নথকাৰ প্রসংগক কেন্দ্র কৰি প্রকাশ কৰিছে মুকলি অসম্ভষ্টি।
আজি ডিফুত এক সংবাদমেলৰ আয়োজন কৰি অৱসৰপ্রাপ্ত আই এ এছ বিষয়াগৰাকীয়ে কয় যে ভাৰতীয় সংবিধানৰ ২৪৪ (ক) ধাৰা ৰূপায়ণৰ বাবে সুদীর্ঘ কাল ধৰি পাহাৰীয়া জিলাকেইখনত সংগ্রামৰ সূত্রপাত হৈ আহিছে। নির্বাচনৰ পূর্বে দলটোৰ ইস্তাহাৰত বিষয়টো অন্তর্ভুক্ত কৰাৰ বাবে বাবম্বাৰ দাবী জনোৱাৰ লগতে সাংসদ কামাখ্য প্রসাদ তাছাৰ নেতৃত্বহত অহা এটা দলে জিলাখনৰ দল-সংগঠনৰ সৈতে মত বিনিময়ৰ সময়তো বিষয়টো অৱগত কৰোৱা হৈছিল।
ইয়াৰ পিছতো দলটোৰ ইস্তাহাৰত ভাৰতীয় সংবিধানৰ ২৪৪ (ক) সন্দর্ভত এটা শব্দও উল্লেখ কৰা নহ’ল বুলি আক্ষেপ প্রকাশ কৰি নির্বাচনৰ প্রাকক্ষণত বিষয়টো সন্দর্ভত দলৰ বাজ্যিক সমিতিয়ে চিন্তা কৰা উচিত বুলি মন্তব্য কৰে। এইক্ষেত্রত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙেও এইক্ষেত্রত বহু চেষ্টা কৰাৰ পিছতো বিষয়টো সন্দর্ভত বাজ্যিক বিজেপিৰ তৰফৰ পৰা কোনো সহাৰি লাভ কবিব পৰা নগ’ল বুলি বাজ্যিক বিজেপিৰ উপ-সভাপতিগৰাকীয়ে কয়। অহা এক এপ্রিলত নির্বাচন অনুষ্ঠিত হোৱাৰ প্রাকক্ষণত জিলাখনৰ বিভিন্ন দল-সংগঠনে বিজেপিৰ ইস্তাহাৰত বিষয়টো কিয় উল্লিখিত নহ’ল বুলি বাৰে বাৰে কৰা প্রশ্নৰ পৰিপ্রেক্ষিততে আজি এইদৰে প্রতিক্রিয়া প্রকাশ কৰিবলগীয়া হোৱা বুলি ফাংছৱে কয়।
আনহাতে, জিলা বিজেপিৰ ইস্তাহাৰত এই সম্পর্কে উল্লেখ কৰা হৈছে যদিও এইক্ষেত্রত ৰাজ্যিক সমিতিৰ অনুমোদন আছে নে নাই সেই সম্পর্কেও সন্দিহান বুলি মন্তব্য কৰে নেতাগৰাকীয়ে। ২৪৪ (ক) ৰূপায়ণৰ বিষয়টো কেৱল কেন্দ্রীয় আক ৰাজ্য চৰকাৰৰ এক্তিয়াৰৰহে বিষয় বুলি লগতে দাবী কৰে নেতাগৰাকীয়ে। আনহাতে, জিলাখনত টীম কার্বি আংলং আৰু জিলা বিজেপিৰ মাজত সৃষ্টি হোৱা ব্যৱধানক কেন্দ্র কৰিও দলটোৰ কর্মীসকল সমস্যাত পৰা বুলি মন্তব্য কৰে নেতাগৰাকীয়ে। টীম কাৰ্বি আংলং আৰু জিলা বিজেপিৰ মাজত প্রকৃত বিজেপি কোনটো বুলি প্রশ্ন কৰি এইক্ষত্রত ৰাজ্যিক বিজেপিয়ে জিলা বিজেপি নে টীম কার্বি আঙলঙক অগ্রাধিকাৰ দিব তাক লৈও বিজেপি দলৰ নেতা-কর্মীসকলৰ মাজত অসম্ভুষ্টিৰ সৃষ্টি হোৱা বুলি জ্যেষ্ঠ নেতাগৰাকীয়ে কয়।
আনহাতে, এইবাৰ নির্বাচনত প্রার্থী বাচনিৰ ক্ষেত্রতো ভালেখিনি খেলিমেলি হোৱা বুলি অভিযোগ কৰি এইক্ষেত্রত দলটোৰ পুৰণি কর্মীসকল বঞ্চিত হোৱা বুলি দলটোৰ ৰাজ্যিক উপ-সভাপতিগৰাকীয়ে গুৰুতৰ অভিযোগ উত্ত্থাপন কৰিছে। প্রসংগক্রমে উল্লেখযোগ্য যে, জিলা দুখনৰ পাঁচখন বিধানসভা আসনৰ ভিতৰত একমাত্র বোকাজানৰ আসনখন বাদ বাকী সমষ্টিকেইটাৰ পুৰণি বিধায়কসকলক বাদ দি চাৰিওগৰাকী নতুন প্রার্থীক প্রার্থিত্ব প্রদান কৰাৰ পিছৰে পৰা দলটোৰ ভিতৰচৰাত অসন্তুষ্টিয়ে গা কৰি উঠা বুলি বিভিন্ন সময়ত চর্চিত হৈ আহিছে। এনে এক প্রেক্ষাপটত নির্বাচনলৈ মাজত কেইটামান ঘন্টা বাকী থকা অৱস্থাত দলটোৰ এগৰাকী জ্যেষ্ঠ নেতা তথা জিলা বিজেপিৰো প্রাক্তন সভাপতি লংকি ফাংছৰ এনে বিস্ফোৰণে স্বাভাৱিকতে গুৰুত্বপূর্ণ বিবেচিত হৈছে।












