![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : একাংশ সামাজিক আৰু বৈদ্যুতিন মাধ্যমত কাৰবি আংলঙৰ সংগঠনসমূহক উদ্দেশ্য কৰি বোকাজানৰ বিজেপি প্ৰাৰ্থী ডাঃ নোমল মমিনে “মৃত, মূল্যহীন, দালাল আৰু টকা খোৱা” বুলি মন্তব্য কৰাকলৈ জাঙুৰ খাই উঠিছে কাৰবি আংলঙৰ দল-সংগঠন ৷ দেওবাৰে ডাঃ নোমল মমিনৰ প্ৰতিবাদত একাংশ সংগঠনে ডিফু চহৰত ডাঃ মমিনৰ প্ৰতিমূৰ্তি দাহ কৰাৰ পিছত আজি জিলাখনৰ কাৰবি ফাৰ্মাৰ্চ এছ’চিয়েচন চমুকৈ কেএফএই কেএফএৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰি বিধায়কগৰাকীৰ মন্তব্যক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে ৷
সংগঠনটোৰ সভাপতি সম্পাদক ক্ৰমে, টিংকু ইংতি আৰু চৰণছিং ৰংপিয়ে সংবাদ মাধ্যমৰ আগত কয় যে, কাৰবি আংলঙৰ ছাত্ৰ আৰু সামাজিক সংগঠন লগতে কেএলএ আৰু কেচিএছেও পাৰ্বত্য এলেকাত বসবাস কৰা জনজাতি সকলৰ নিৰাপত্তাৰ অধিকাৰ পৰিচয়ৰ বাবে নিঃস্বাৰ্থভাবে কাম কৰি আহিছে ৷ তেনেক্ষেত্ৰত বিজেপিৰ মনোনীত প্ৰাৰ্থীগৰাকীৰ এনে মন্তব্য দুৰ্ভাগ্যজনক ৷ সেয়ে প্ৰাৰ্থী ডাঃ নোমল মমিনক তেওঁৰ মন্তব্যৰ বাবে ক্ষমা খুজিবলৈ দাবী জনায় ৷













