ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বকলীয়াঘাটত বিজেপিৰ বিশাল নিৰ্বাচনী সভাত হিমন্ত বিশ্ব শৰ্মা

বিজেপিৰ শাসনকালত অভূতপূৰ্ব উন্নয়ণ হৈছে : ডাঃ হিমন্ত বিশ্ব শৰ্মা

News Desk by News Desk
March 29, 2021
Reading Time: 1 min read
A A
0
বকলীয়াঘাটত বিজেপিৰ বিশাল নিৰ্বাচনী সভাত হিমন্ত বিশ্ব শৰ্মা

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

Felicitation ceremony : কাৰ্বি আংলং জিলা প্ৰশাসনে সম্বৰ্ধনা জনালে মেধাৱী ছাত্ৰ-ছাত্ৰীক

ছাইদুল ইছলাম

ডিফু : অহা পহিলা এপ্রিলত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যৰ দ্বিতীয় পর্যায়ৰ নির্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলসমূহৰ নির্বাচনী প্রচাৰ অভিযান তুংগত উঠা পৰিলক্ষিত হৈছে। অলপতে বোকাজানত এক বিশাল সভা অনুষ্ঠিত কৰি দলীয় প্রার্থীৰ সমর্থনত প্রচাৰ চলোৱাৰ পিছত আজি ডিফু বিধানসভা সমষ্টিৰ অন্তর্গত বকলীয়াঘাটত আন এখন বিশাল নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰি ডিফু আৰু হাওৰাঘাটৰ বিজেপি দলৰ প্রার্থী বিদ্যাছিং ইংলেং আৰু দৰছিং ৰংহাঙৰ সমর্থনত নির্বাচনী প্রচাৰ চলায় অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই। আজি দিনৰ প্রায় ১২ বজাত বকলীয়াঘাট ক্রীড়া সন্থাৰ খেলপথাৰত আয়োজন কৰা সভাস্থলীত হেলিকপ্টাৰেৰে আহি উপস্থিত হোৱাৰ পিছতে মঞ্চত উঠিয়েই বিজেপি দলৰ নেতা-কর্মী-সমর্থকৰ সৈতে আকৌ এবাৰ মোডী চৰকাৰ’ শীর্যক দলৰ প্রচাৰ গীতৰ তালে তালে উদ্দাম নৃত্য প্রদর্শন কৰে মন্ত্রীগৰাকীয়ে।

ইয়াৰ পিছতে সভাত উপস্থিত কেইবা সহস্ৰাধিক ৰাইজক উদ্দেশ্যি প্রদান কৰা ভাষণত মন্ত্রী শর্মাই বিজেপিৰ আমোলত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদত যিমানখিনি উন্নয়ন সাধন হৈছে এনে উন্নয়ন পুর্বে কেতিয়াও হোৱা নাছিল বুলি মন্তব্য কৰি এইবাৰৰ নির্বাচনত পাহাৰীয়া জিলাকেইখনৰ আটাইকেইখন আসনতে বিজেপি দলৰ প্রার্থীৰ বিজয় নিশ্চিত বুলি দাবী কৰে মন্ত্রীগৰাকীয়ে। পূর্বে জিলাখনৰ পৰা মন্ত্রীৰ দায়িত্বত থকা চুম ৰংহাঙৰ দুর্বলতাৰ বাবেই এলেকাৰ উন্নয়নৰ গতি কিছু মন্থৰ হৈছিল যদিও ৰংহাঙক টিকট প্রদান নকৰাৰ কলত জিলাখনত পুনৰ দ্রুত উন্নয়ন সাধন হ’ব বুলি মন্তব্য কৰে মন্ত্রী শর্মাই। ভাষণ প্রসংগত সকলো মহিলাকে অৰুণোদয় আঁচনিৰ সুবিধা প্রদান কৰাৰ লগতে মাইক্র ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়া, মহিলা আত্মসহায়ক গোটক দিয়া ধনৰ পৰিমাণ এক লাখৰ পৰা দুই লাখ টকালৈকে বৃদ্ধি কৰা, এই বছৰতে এক লাখ চৰকাৰী চাকৰি, মহাবিদ্যালয়ত উপস্থিত থকা ছাত্র-ছাত্রীক প্রতিদিনে এশ টকাকৈ আর্থিক সাহার্য, কার্বি আংলং আৰু ডিমা হাচাও জিলাত দ্বিতীয় বিভাগত উত্তীর্ণ হোৱা ছাত্রীকো স্কুটী, ল’ৰাক বুলেট প্রদান কৰা আদি আঁচনিৰ কথা উল্লেখ কৰে।

hs1 | ASSAM TIMES POST

কার্বি আংলং আৰু ডিমা হাচাও জিলাত থকা বিদ্যালয়সমূহৰ প্রাদেশীকিকৰণৰ নীতি নিয়ম কিছু শিথিল কৰি শিক্ষানুষ্ঠানসমূহ প্রাদেশীকিকৰণৰ ব্যবস্থা কৰাৰ লগতে কার্বি আংলঙত পৰবর্তী সময়ত এখন ৰাজ্যিক বিশ্ববিদ্যালয় আৰু এটা বিমান বন্দৰ নির্মাণ কৰাৰ প্রতিশ্রুতি দিয়ে। লগতে বিমানবন্দৰৰ আধাৰশিলা স্থাপনৰ বাবে ভাৰতৰ প্রধানমন্ত্ৰী নৰেন্দ্র মোডীক আমন্ত্রণ জনোৱা হ’ব বুলিও মন্ত্রীগৰাকীয়ে সভাত কয়। ভাষণ প্রসংগত বিজেপিত টিকট বঞ্চিত হৈ বিজেপিৰ পৰা কংগ্রেছ দলত যোগদান কৰিয়েই ডিফু সমষ্টিব বাবে প্রাথিত্ব লাভ কৰা চুম ৰংহাঙক তিৰ্যক সমালোচনাৰ লক্ষ্য কৰি লয় মন্ত্রী শর্মাই। মন্ত্ৰী চুম ৰংহাঙে পার্বত্য এলেকাৰ উন্নয়নৰ ফাইলসমুহ পাৰ কৰি দিয়াত বহু বিলম্ব কৰাৰ কৰাৰ বাবেই এইবাৰ দলে প্রার্থিত্ব প্রদান কৰা নাই বুলি মত ব্যক্ত কৰে।

কেৱল ইমানেই নহয় চুম ৰংহাঙে বকলীয়াঘাট বাছ আস্থানব মাটি, বকলীয়াঘাট ক্রীড়া সস্থাৰ ভূমি নিজৰ নামত পট্টা কৰি লোৱা বুলি মন্তব্য কৰি এনে লোকে দেশ চলাব পাৰিব জানো বুলি প্রশ্ন কৰে। কংগ্রেছ দলে এইবাৰ বদৰুদ্দিন আজমলৰ সৈতে হাত মিলোৱা কার্যক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে, আজমলে ৰাজ্যত চৰকাৰ গঠন কৰিলেই মাদ্রাছা স্থাপন কৰাৰ কথা কয়। যিসময়ত চৰকাবৰে ৰাজ্যত বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, আভিযান্ত্ৰিক প্রতিষ্ঠান স্থাপনৰ কথা চিন্তা কৰিছে সেই সময়ত আজমলে মাদ্রাছা খোলাৰ চিন্তা কৰা বুলি কটাক্ষ কৰি অসমত আজি চিকিৎসক, অভিযন্তা, শিক্ষক লাগে নে মোল্লা লাগে বুলিও প্রশ্ন কৰে।

পাহাৰীয়া জিলাখনৰ উগ্রপন্থী সংগঠনসমূহে অস্ত্ৰসম্বৰণ কৰি চৰকাৰৰ সৈতে শান্তি আলোচনাৰ প্রক্রিয়া অব্যাহত ৰাখিছে বুলি মন্তব্য কৰি দুয়োপক্ষৰ মাজতে এক শান্তি চুক্তি স্বাক্ষৰিত হ’ব বুলিও আশা প্রকাশ কৰে। সভাখনত আদৰণি ভাষণ প্রদান কৰি কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে শাস্তি, ৰীতি, উন্নয়ন আৰু ভাৰতীয় সংবিধানৰ ২৪৪ (ক)ৰ স্বার্থত বিজেপি দলক ভোট দিয়াৰ বাবে উপস্থিত ৰাইজক আহবান জনায়। বিজেপিৰ শাসনত দিলাখনত পূর্বৰ গােষ্ঠীসংঘাতৰ পৰিবেশৰ অৱসান হোৱা বুলি ভাষণ প্রসংগত দাবী কৰে মুখ্য কার্যবাহীগৰাকীয়ে।

Tags: fe
Share4Tweet3Send

Related Posts

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন
KARBI ANGLONG

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

by News Desk
May 23, 2026
50
Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

by News Desk
May 22, 2026
50
Felicitation ceremony : কাৰ্বি আংলং জিলা প্ৰশাসনে সম্বৰ্ধনা জনালে মেধাৱী ছাত্ৰ-ছাত্ৰীক
KARBI ANGLONG

Felicitation ceremony : কাৰ্বি আংলং জিলা প্ৰশাসনে সম্বৰ্ধনা জনালে মেধাৱী ছাত্ৰ-ছাত্ৰীক

by News Desk
May 22, 2026
50
Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা
KARBI ANGLONG

Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা

by News Desk
May 20, 2026
50
হাওৰাঘাটত আৰক্ষীয়ে আটক কৰিলে ছয়টাকৈ গভাইত গৰুচোৰ।
KARBI ANGLONG

হাওৰাঘাটত আৰক্ষীয়ে আটক কৰিলে ছয়টাকৈ গভাইত গৰুচোৰ।

by Staff Reporter
May 20, 2026
50
কাৰ্বি পাহাৰত “বাধাহীন শিক্ষাৰ”লক্ষ্যৰে ডিফুৰ, ডিএভিএছএসএস(DAVHSS) বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়া বাই- চাইকেল বিতৰণ
KARBI ANGLONG

কাৰ্বি পাহাৰত “বাধাহীন শিক্ষাৰ”লক্ষ্যৰে ডিফুৰ, ডিএভিএছএসএস(DAVHSS) বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়া বাই- চাইকেল বিতৰণ

by Staff Reporter
May 20, 2026
50
ADVERTISEMENT
Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান
National-International

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

May 25, 2026
50
‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬
National-International

‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

May 25, 2026
50
Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী
National-International

Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

May 25, 2026
50
AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ
National-International

AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ

May 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

May 25, 2026
‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

May 25, 2026
Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

May 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx