![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : বকলীয়াঘাটৰ এজন যুৱকৰ মৃতদেহ কালি বিয়লি ৰহস্যজনক অৱস্থাত কালি বিয়লি বকলীয়াঘাটৰ পৰা প্ৰায় ১৫ কিঃমিঃ নিলগৰ ডুংকেকলাংছ’ৰ পাহাৰত উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণ অনুসৰি, কালি বিয়লি প্ৰায় দুই বজাত বকলীয়াঘাট নগৰৰ নিবাসী চাৰ্থে টেৰণৰ পুত্ৰ সুৰেশ টেৰণ (২২)ক ফোনযোগে মাতি নিয়ে । ইয়াৰ পিছৰে পৰা সন্ধানহীন হৈ থকা যুৱকজন পিছত বকলীয়াঘাটৰ পৰা কমেও ১৫ কিঃমিঃ নিলগৰ ডুংকেকলাংছ’ৰ পাহাৰৰ পথৰ দাঁতিত মৃত অৱস্থাত পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হয়। আজি পুৱাৰ ভাগত যুৱকজনৰ পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত বকলীয়াঘাট থানাত ২১/২১ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

মৃতদেহত আঘাতৰ চিন স্পষ্ট হৈ থকা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়াৰ লগতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে। কি পৰিস্থিতিত যুৱকজন ডুংকেকলাংছ’ৰ দুৰ্গম পাহাৰীয়া এলেকালৈ যাবলগীয়া হ’ল তাক লৈয়ো ৰহস্যৰ সৃষ্টি হৈছে ।

আনহাতে, যুৱকজনক মাতি নিয়াৰ বাবে ব্যৱহাৰ কৰা মোবাইল ফোনৰ নম্বৰটোৰ সৈতে ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা সংযোগ বিচ্ছিন্ন হৈ থকা বুলি জানিব পৰা গৈছে।













